SocialSocial Networkঅসমজীৱনশৈলী

ককাঁল ভাঙি বিহু নাচ শিকোৱা শিক্ষকৰ ভিডিঅ’ সৰ্বত্ৰে ভাইৰেল পৰিছে! পিছে কোন এইগৰাকী শিক্ষক?

এইগৰাকী প্ৰৱক্তাৰ বিহু নৃত্যই এতিয়া চৰ্চিত ছচিয়েল মিডিয়াত খলকনি তুলিছে৷ প্ৰৱক্তাগৰাকীৰ নাম হৈছে অশ্বিনী দাস

এজন শিক্ষকে ককাঁল ভাঙি বিহু নাচ শিকোৱা ভিডিঅ’ই এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে।

এইগৰাকী প্ৰৱক্তাৰ বিহু নৃত্যই এতিয়া চৰ্চিত ছচিয়েল মিডিয়াত খলকনি তুলিছে৷ প্ৰৱক্তাগৰাকীৰ নাম হৈছে অশ্বিনী দাস৷ তেওঁ বাক্সা জিলাৰ থমনা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা। অশ্বিনী দাসে নিজৰ কলেজৰ ছাত্ৰ- ছাত্ৰীক বিহু নৃত্যৰ প্ৰশিক্ষণ দি থকা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

অশ্বিনী দাসে মহাবিদ্যালয়ত শিক্ষাদান কৰাৰ উপৰিও বিভিন্ন নৃত্যৰ কৰ্মশালাত নৃত্য প্ৰশিক্ষণো দি আহিছে। সেইদৰে নিজৰ মহাবিদ্যালয়ত বিহু নৃত্যৰ শিক্ষা দিয়াৰ ওপৰিও বি বি কিষাণ মহাবিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়তো দীৰ্ঘদিন ধৰি বিহু নৃত্যৰ প্ৰশিক্ষণ দি আহিছে।

বিগত প্ৰায় ২০ বছৰ ধৰি বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা দাসে ভৱিষ্যতে নামনি অসমৰ বিহু নৃত্যৰ ওপৰত গৱেষণা কৰাৰ অদম্য হেঁপাহ মনত পুহি ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 13 =

Back to top button