Assamঅসম

লাভ জে/হাদৰ বিৰুদ্ধে কঠোৰ হ’ব অসম চৰকাৰ… বিস্ফোৰক মন্তব্য দিপ্লুৰঞ্জন শৰ্মাৰ

লাভ জেহাদ সন্দৰ্ভত বিস্ফোৰক অভিযোগ নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ। লাভ জেহাদ সন্দৰ্ভত কঠোৰ হ'ব অসম চৰকাৰ। লাভ জেহাদ ৰোধৰ বাবেই অসমতো বলৱৎ হ'ব UCC। লাভ জেহাদৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ'ব অসম চৰকাৰ।

লাভ জেহাদে ভয়ংকৰ ৰূপ লৈছে নেকি অসমত? লাভ জেহাদৰ পৰিণতিতে ভাতৃক হেৰুৱাই GMCH ত সংকটজনক অৱস্থাত নলবাৰীৰ কিশোৰী। UCC-এ লাভ জেহাদ ৰোধ কৰিব পাৰিব নে?

লাভ জেহাদ সন্দৰ্ভত বিস্ফোৰক অভিযোগ নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ। লাভ জেহাদ সন্দৰ্ভত কঠোৰ হ’ব অসম চৰকাৰ। লাভ জেহাদ ৰোধৰ বাবেই অসমতো বলৱৎ হ’ব UCC। লাভ জেহাদৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ’ব অসম চৰকাৰ।

সংবাদমেলত মন্তব্য দিপ্লুৰঞ্জন শৰ্মাৰ। লাভ জেহাদকে আদি কৰি তিনি তালাক আদিৰ বাবে অসমত বলৱৎ হ’ব UCC। UCCৰ আলমতে বিৰোধী তথা কংগ্ৰেছক তীব্ৰ সমালোচনা বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ। তেওঁ কয়, “কংগ্ৰেছে সংখ্যালঘুৰ ক্ষেত্ৰত শাপ হৈ খুটি বেজ হৈ জাৰি আহিছে। সংখ্যালঘু তোষণৰ জৰিয়তে বিভাজন কৰিছে সমাজত”। কংগ্ৰেছ Deep-State Gang হৈ পৰিছে বুলিও অভিহিত শৰ্মাৰ। তেওঁ কয়, লাভ জেহাদে এতিয়া মহামাৰীৰ ৰূপ লৈছে । International Conspiracy হৈ পৰিছে লাভ জেহাদ।

দিপ্লুৰঞ্জন শৰ্মাই কয়, “কংগ্ৰেছৰ সভাপতিলৈ হয়তো নিৰ্দেশ অহা নাই সেইবাবে গৌৰৱ গগৈ মনে মনে আছে । কংগ্ৰেছে এতিয়া গোপীনাথ বৰদলৈৰ, তৰুণ গগৈৰ কংগ্ৰেছ হৈ থকা নাই । ৰাহুল গান্ধীৰ দল হৈ পৰিছে কংগ্ৰেছ।”এনেদৰেই লাভ জেহাদৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ’ল নিউ গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.