
ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এন্ধাৰৰ সুযোগ লৈ ৰাজপথত পেলাই থৈ গ’ল নৱজাতক। ডিমৌৰ মধুপুৰত সংঘটিত এই ঘটনা। এই ঘটনাই পুনৰ এবাৰ কপাই গ’ল ৰাজ্য । ডিমৌৰ মধুপুৰ স্থিত সেউজী পথৰ স্থানীয় লোকে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ১০ বজাত তেওঁলোকে এটি কেঁচুৱাৰ কান্দোন শুনিবলৈ পায় ।
কান্দোনৰ উৎস বিচাৰি ওলাই যোৱাৰ পিছত পথৰ কাষত পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে এটি সদ্যজাত পুত্ৰ সন্তান । তৎক্ষণাত সমগ্ৰ ঘটনাৰ বিষয়ে ডিমৌ আৰক্ষীক খবৰ দিয়া হয় । খবৰ লাভ কৰিয়েই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে নৱজাতকটিক ।
জানিব পৰা মতে, বীৰেণ গগৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালৰ ৱালৰ কাষত কোনো অজ্ঞাত ব্যক্তিয়ে এৰি থৈ যায় নৱজাতকটিক । পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কেঁচুৱাটিক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । উদ্ধাৰৰ পিছতে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় নৱজাতকটিক । চিকিৎসাৰ অন্তত বৰ্তমান সুস্থ আৰু বিপদমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে । ইফালে কোনে আৰু কি পৰিস্থিতিত নৱজাতকটিক সেই স্থানত এৰি থৈ গ’ল, সেই ৰহস্য উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে ডিমৌ আৰক্ষীয়ে।