অসম

সদনত দাখিল বিত্তীয় বাজেট ২০২২-২৩, কি আছে পূৰ্ণাংগ বাজেটত?

প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা অজন্তা নেওগৰ।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানৰ কলি ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰে আৰম্ভ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট ভাষণ।

 

মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদনত পূৰ্ণাংগ বাজেট উত্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় বিত্তমন্ত্ৰীগৰাকীয়ে।বহু প্ৰত্যাশিত বাজেটক লৈ উৎকণ্ঠা সৰ্বসাধাৰণৰ। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা অজন্তা নেওগৰ। এতিয়া পৰ্যন্ত কি কি সিদ্ধান্ত লোৱা হৈছে বাজেটত?

 

◼️বিহালী, শুৱালকুছি, বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ অনুদান
◼️মুঠ ৯খন মহাবিদ্যালয়লৈ ২০৭ কোটিৰ অনুদান
◼️বিদ্যালয়ৰ উন্নয়নৰ বাবে ১২৫০ কোটি ধাৰ্য
◼️শিক্ষাখণ্ডত ২৭৯৮ কোটিৰ আবণ্টন
◼️৫ চিকিৎসালয়লৈ আঢ়ৈ হাজাৰ কোটিৰো অনুদান
◼️৪০ ক্ৰীড়া প্ৰকল্পলৈ ৪৮০ কোটিৰ আবণ্টন
◼️জোঙালবলহু, পৰ্যটন ক্ষেত্ৰৰ বাবে ৫০ কোটিৰ অনুমোদন
◼️আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ৫০০ কোটিৰ অনুমোদন
◼️মুঠ ১১,৬০০ কোটি টকাৰ এটা বৰ্ষতে মূলধনী ব্যয় প্ৰকল্পত অনুমোদন
◼️মুঠ ১৬,৮৪৩ কোটি টকাৰ বহিঃসাহায্যৰে সামগ্ৰিক উন্নয়নৰ প্ৰকল্প
◼️৩৭,৫৭৮ কোটিৰ প্ৰকল্পৰে পথ, যোগাযোগ, শক্তি, মীন, স্বাস্থ্য আদিৰ উন্নয়ন
◼️চলিত বিত্তীয় বৰ্ষত মূলধনী ব্যয় শিতানত কেন্দ্ৰৰ পৰা ৬০০ কোটিৰ সাহায্য
◼️পিএম ডিভাইন নামৰ নতুন আঁচনিয়ে উন্নয়নৰ গতি ক্ষিপ্ৰ কৰিব
◼️উন্নত মানৰ বেংক সেৱাৰ বাবে ১.৯ কোটি বেংক একাউণ্ট খোলা হৈছে
◼️গ্ৰাহক সেৱা সংখ্যা ৪০ শতাংশলৈ বৃদ্ধি
◼️NRLত ৰাজ্য চৰকাৰৰ বিনিয়োগ ২২১৭ কোটি
◼️ৰাজ্য চৰকাৰৰ অংশীদাৰত্ব ১২.৩ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধি
◼️৩১ মাৰ্চৰ পূৰ্বে হিন্দুস্তান কাগজ নিগমলৈ ৩০০ কোটি মোকলাই দিয়াৰ সিদ্ধান্ত
◼️পৰৱৰ্তী বিত্তীয় বৰ্ষত অৱশিষ্ট ৪০০ কোটি মোকলাই দিয়াৰ প্ৰস্তাৱ
◼️কাজিৰঙাৰ উত্তোলিত কৰিড’ৰ আৰু জামুগুৰি, কলিয়াবৰৰ পথ তথা ৰে’লৱে সুৰংগ
◼️কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্পই বৃদ্ধি কৰিব ঘৰুৱা উৎপাদন
◼️অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত ১৮খন ধ্বজাবাহী আঁচনিৰ কাৰ্যৰূপায়ণ
◼️শিপিনীসকলৰ উদ্দেশ্যে স্বনিৰ্ভৰ নাৰী আঁচনি প্ৰাথমিক পৰ্যায়ত বাজেটত ধাৰ্য কৰা হৈছে পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.