
প্ৰায় ৪৮ ঘণ্টাৰ আত্মগোপনৰ পিছত সোমবাৰে নিশা আৰক্ষীৰ জালত পৰিল মঠঘৰীয়াৰ দুৰ্ঘটনাৰ অন্যতম অভিযুক্ত ছামিম আহমেদ। ছামিমৰ গ্ৰেপ্তাৰ পিছতেই পোহৰলৈ আহিছে দু/ৰ্ঘটনাৰ প্ৰকৃত ৰহস্য। ২৫ এপ্ৰিলৰ পুৱা ছামিমে ভাড়াত লৈছিল চুইফ্ট বাহনখন। নিশা ১১ বজালৈ ৩ যুৱতীৰে গুৱাহাটীৰ বহু স্থানত চফৰ ছামিমৰ। কেৱল ইমানেই নহয়, নিশা ১১ বজাত তেওঁলোক সোমাইছিল ৰুদ্ৰাক্ষ মলত। নিশা ৩ বজালৈ Exoro বাৰত ১৯,ooo টকাৰ পাটী কৰিছিল ৪ বন্ধুৱে। তাৰ পিছতেই ৩ বজাত আকৌ তীব্ৰবেগত চলিছিল ছামিমৰ বাহন।
ঘণ্টাত ১৩৫ কিমি বেগত গুৱাহাটীত ঘূৰিছিল ছামিম আৰু ৩ যুৱতী। পুৱতি নিশা ৪.০২ বজাত সংঘটিত হৈছিল ভয়ংকৰ দু/ৰ্ঘটনাটো। ৯৫ কিমি ঘণ্টাৰ বেগেৰে আহি ৰৈ থকা ট্ৰাকত খুন্দা। লগে লগে শেষ হৈছিল ৩ গৰাকীকৈ যুৱতীৰ জীৱন। দু/ৰ্ঘটনা সংঘটিত হোৱাৰ পিছত হাস্পতাল যোৱা পৰ্যন্ত ছামিম আহমেদ আছিল ৩ যুৱতীৰ কাষতেই । পিছে হঠাৎ সেই স্থানৰ পৰা অন্তৰ্ধান হৈছিল চুইফ্ট বাহনখনৰ চালক ছামিম আহমেদ।
লগে লগে গুৱাহাটীৰ পৰা পাইছিল গৈ শ্বিলং। আৰক্ষীৰ পৰা বাচিবলৈ শ্বিলঙত ছামিমে কাটিছিল চুলি-দাড়ি। শ্বিলঙৰ পৰা অৰুণাচল পলায়নৰ পৰিকল্পনাৰে উপস্থিত হৈছিল ডিব্ৰুগড়ত। কিন্ত লক্ষ্যত উপনীত হোৱাৰ আগতেই ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল অভিযুক্ত ছামিম আহমেদ। ডিব্ৰুগড়ৰ আৰক্ষীৰ পৰা নুনমাটি যান বাহন শাখাই চমজি লৈ অব্যাহত ৰাখিছে জেৰা। এই জেৰাতেই পোহৰলৈ আহিব আৰু নতুন বহু তথ্য। ছামিমৰ বিৰুদ্ধে ৰুজু MV act ৰ ধাৰা। BNS ৰ 281/106(1)/285/324(5)/238(c) 3(5) 187 MV ACT। ইয়াৰ সমান্তৰালকৈ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে চুইফ্ট বাহনখনৰ চালক তথা ভাড়া দিয়া প্ৰতিষ্ঠানটোৰ লোক।
এতিয়া প্ৰশ্ন কেনেকৈ ব্যক্তিগত বাহন দিছিল বাণিজ্যিক ভাড়াত? লাইচেন্স জমা নিদিয়াকৈ কেনেকৈ ছামিমক দিছিল বাহন ? সেয়ে সোধাপোচাৰ বাবে আৰক্ষীয়ে তলব কৰিছে বাহনখনৰ মালিক পংকজ কুমাৰ দত্ত আৰু এজেন্সিটোৰ কৰ্মচাৰী ভাৰ্গৱ ডেকাক। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব আৰু বহু নতুন তথ্য। ইতিমধ্যে ছামিম আহমেদক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।
