Assamঅসম
Trending

সম্প্ৰসাৰিত হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা

শুকুৰবাৰে খানাপাৰাৰ বিষ্ণু-জ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত শপতগ্ৰহণ কৰে মন্ত্ৰীসকলে। নৱ নিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।

সম্প্ৰসাৰিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ। শুকুৰবাৰে খানাপাৰাৰ বিষ্ণু-জ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত শপতগ্ৰহণ কৰে মন্ত্ৰীসকলে। নৱ নিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়কসকল হৈছে-

মন্ত্ৰীসভাত স্থান লাভ কৰা ১২ বিধায়ক

গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ
ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহল
টিংখংৰ বিধায়ক বিমল বড়া
তামুলপুৰৰ বিধায়ক বিশ্বজিত দৈমাৰী
নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱা
লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়
কলিয়াবৰৰ অগপ বিধায়ক কেশৱ মহন্ত
পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল
মঙলদৈৰ বিধায়ক নিলীমা দেৱী
জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকা
ধেমাজিৰ বিধায়ক ৰণোজ পেগু
ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই

ইফালে ১২ মন্ত্ৰীৰ ভিতৰত কৌশিক ৰায়ৰ হিন্দীত শপতবাক্য পাঠ । কৃষ্ণেন্দু পালৰ বাংলা ভাষাত পাঠ কৰিলে শপতবাক্য । বিমল বৰাৰ সংস্কৃত ভাষাত শপতবাক্য পাঠ কৰাৰ বিপৰীতে, আন সকলে অসমীয়াতে শপতবাক্য পাঠ কৰে।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে শপতগ্ৰহণ অনুষ্ঠানত। উপস্থিত থাকে ৰাজ্যসভা, লোকসভাৰ সাংসদ সকল। লগতে উপস্থিত থাকে NDA ৰ বিধায়ক সকল। শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন স্তৰৰ সন্মানীয় ব্যক্তি সকলকো নিমন্ত্ৰণ জনাই অসম চৰকাৰে।

ৰঞ্জিতা ৰাভা ৰিপৰ্ট

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.