
মঙলবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে ঘোষণা কৰে কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিগত শাখাৰ ফলাফল। শিক্ষা বৰ্ডৰ অধ্যক্ষ R.C. জৈনে সংবাদমেল সম্বোধন কৰি পুৱা ১০.৩০ বজাত ঘোষণা কৰে ২০২৬ বৰ্ষৰ ফলাফল। মুঠ ১২টা ৱেবচাইট আৰু এটা Android এপত উপলব্ধ হ’ল ফলাফল। ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত দেখা গ’ল আনন্দমুখৰ পৰিৱেশ। অৱশ্যে ২০২৬ বৰ্ষৰ ফলাফলত নাই শীৰ্ষস্থান।
কলা শাখাত প্ৰথম বিভাগত ৫৪,৭৫৫ উত্তীৰ্ণ। কলাত ২য় বিভাগত ৭৯,১৮১, ৩য় বিভাগত ৫৭,৮৬২ শিক্ষাৰ্থী উত্তীৰ্ণ। বাণিজ্য শাখাত প্ৰথম বিভাগত ৭,৭৮৭ গৰাকী উত্তীৰ্ণ। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪,০৭৯ শিক্ষাৰ্থী। বিজ্ঞান শাখাত ৮৯.৭৯%ৰে উত্তীৰ্ণ ৫৪, ৪৭৪ শিক্ষাৰ্থী। কলা শাখাত ৭৯.৫৪% হাৰেৰে উত্তীৰ্ণ ১,৯১,৭৯৮ গৰাকী। বাণিজ্যত ৮১.১৩% হাৰেৰে উত্তীৰ্ণ ১৫,৭৯৬ শিক্ষাৰ্থী।
২০২৭ৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS চূড়ান্ত পৰীক্ষা। মঙলবাৰে ফলাফলৰ পাছতেই ASSEBৰ বৃহৎ ঘোষণা। এতিয়াৰে পৰা প্ৰতিটো বিষয়ত ৩৩ % নম্বৰ পালেহে উত্তীৰ্ণ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষই সংবাদ মাধ্যমত জনোৱা অনুসৰি, CBSCৰ মতেই কৰা হৈছে এই নিয়ম। লগতে ২০২৭ বৰ্ষৰ পৰা নাথাকিব বৃত্তিমুলক শিক্ষা
সেই অনুসৰি তিনিটা গ্ৰুপত বিভক্ত হ’ব বিযষয়বোৰ । কলা, বিজ্ঞান আৰু বাণিজ্য ৩ টা শাখাত নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব HS ৰ চূড়ান্ত পৰীক্ষা। কলা শাখাৰ শিক্ষাৰ্থীয়ে এটা স্কিল বিষয় লোৱাটো বাধ্যতামূলক। ২০২৭ বৰ্ষৰ পৰা ৬টা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব শিক্ষাৰ্থীসকল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষই জনোৱা অনুসৰি, এতিয়াৰে পৰা সকলোৰে বাবে বাধ্যতামূলক হ’ব GENERAL STUDIES। ADRE পৰীক্ষাত সহায় কৰিবলৈ এই নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন।
একেদৰে নৱম শ্ৰেণীৰ পাঠ্যপুথিত এতিয়াৰে পৰা থাকিব জুবিন গাৰ্গ সম্পৰ্কীয় পাঠ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ প্ৰচেষ্টাৰে এই বিশেষ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিষয়ো স্থান লাভ কৰিব নৱম দশম শ্ৰেণীৰ নতুন পাঠ্যক্ৰমত।
ইফালে , মঙলবাৰে HSৰ ফলাফল ঘোষণা কৰিয়েই কঠোৰ সিদ্ধান্ত পৰিষদৰ। হতাশজনক ফলাফল কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ। ৰাজ্যৰ ৪৯ খন বিদ্যালয়ৰ স্বীকৃতি কৰ্তনৰ চিন্তা-চৰ্চা। হতাশজনক ফলাফল কৰা বিদ্যালয়ৰ তালিকা পৰিষদে প্ৰেৰণ কৰিছে চৰকাৰলৈ। ৩ বছৰ ধৰি বেয়া ফলাফল কৰা বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে।
