অপৰাধঅসমঅসম আৰক্ষী

কিয় আত্মহত্যা কৰিছিল কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰী জিনজিৰি দেউৰীয়ে?

বিদ্যালয়ৰ ষষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল মহানগৰীৰ কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰী জিনজিৰি দেউৰীয়ে । নিয়তিৰ ওচৰত হাৰ মানি নিচেই কম বয়সতে জীৱন শেষ কৰিছিল জিনজিৰিয়ে।

এটা আত্মহত্যাৰ বাতৰি। যি আত্মহত্যাৰ বাতৰিয়ে তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্যত। বিদ্যালয়ৰ ষষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল মহানগৰীৰ কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰী জিনজিৰি দেউৰীয়ে । নিয়তিৰ ওচৰত হাৰ মানি নিচেই কম বয়সতে জীৱন শেষ কৰিছিল জিনজিৰিয়ে।

মৃত্যুৰ পূৰ্বে জিনজিৰিয়ে লিখি যোৱা চুইছাইড নোটত লিখা আছিল জিনজিৰিৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ। চুইছাইড নোটৰ তথ্য অনুসৰি প্ৰেমজনিত কাৰণৰ বাবেই আত্মহত্যাৰ দৰে পথ বাচি লৈছিল জিনজিৰিয়ে। জোনালী দাসৰ ভতিজাকৰ সৈতে জিনজিৰিৰ আছিল প্ৰেমৰ সম্পৰ্ক। যাৰবাবে অধ্যক্ষা, আৰু (প্ৰেমিক)ছাত্ৰজনৰ পিতৃয়ে অধ্যাক্ষা জোনালী দাসৰ কোঠালৈ মাতি নি জিনজিৰিক দিছিল আইনৰ ভয়-ভাবুকি আৰু বহু প্ৰলোভন।

কণমানি জিনজিৰিৰ বাবে এয়া কাম্য নাছিল। মানসিক ভাৰসাম্য হেৰুৱাই অৱশেষত মৃত্যুৰ দৰে চৰম পথ বাচি লৈছিল জিনজিৰি দেউৰীয়ে।

পিছে, আত্মহত্যাৰ ৫ টা দিন উকলি গ’ল। আজিও গ্ৰেপ্তাৰ নহ’ল অধ্যক্ষা জোনালী দাস। ইয়াৰ বিপৰীতে আৰক্ষীয়ে ৰক্ষণা-বেক্ষণ দিছে মডাৰ্ণ ইংলিছ স্কুলৰ চৌপাশ আৰু অধ্যক্ষা জোনালী দাসৰ আবাস গৃহ। জোনালী দাসক কৰায়ত্ত নকৰাত ক্ষোভিত হৈ পৰিছে জিনজিৰিৰ পৰিয়াল আৰু বিদ্যালয়ৰ অভিভাৱকসকল।

দেওবাৰে পুৱাৰ ভাগত Xylo বাহনত উঠি অধ্যক্ষা তথা পৰিয়ালৰ লোকৰ আত্মগোপনৰ অভিযোগ তুলিছে অভিভাৱক-অভিভাৱিকাসকলে। অধ্যক্ষা জোনালীৰ বিৰুদ্ধে আছে বহু অভিযোগ। নগাওঁ আৰু বৰপেটাৰ আত্মীয়ৰ ঘৰত অভিযান চলাই দ্বায়িত্ব সামৰিছে আৰক্ষীয়ে। কিন্তু সঁচায়ে ন্যায় পাবনে জিনজিৰিয়ে? উচিত শাস্তি লাভ কৰিবনে জোনালী দাসৰ পৰিয়ালে? সেয়াও এই সময়ত এক ডাঙৰ প্ৰশ্ন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.