বলিউড

গোপনে বিবাহপাশত আৱদ্ধ হ’ল সোণাক্ষী, পিছে দৰা কোন জানিলে আচৰিত হ’ব আপুনি…

সোণাক্ষীয়ে ক'ব নিবিচাৰিলেও পোহৰলৈ আহিছে সোণাক্ষীৰ ভাবী স্বামীৰ নাম। সোণাক্ষীৰ মিস্ত্ৰী মেন(Mystery)জন আন কোনো নহয়, তেওঁ হৈছে জাহিৰ ইকবাল। জাহিৰ ইকবালৰ নাম বহু পূৰ্বেই সাঙুৰ খাইছিল সোণাক্ষী সিনহাৰ সৈতে।

চৰ্চাত বলিউডৰ অভিনেত্ৰী সোণাক্ষী সিনহা। গোপনে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰীগৰাকী।

হীৰাৰ আঙঠি পিন্ধি ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিলে সোণাক্ষীয়ে। কিন্তু গোপনে ৰাখিলে ভাবী স্বামীৰ নাম।

সোণাক্ষীয়ে ক’ব নিবিচাৰিলেও পোহৰলৈ আহিছে সোণাক্ষীৰ ভাবী স্বামীৰ নাম। সোণাক্ষীৰ মিস্ত্ৰী মেন(Mystery)জন আন কোনো নহয়, তেওঁ হৈছে জাহিৰ ইকবাল। জাহিৰ ইকবালৰ নাম বহু পূৰ্বেই সাঙুৰ খাইছিল সোণাক্ষী সিনহাৰ সৈতে। আনকি বহুবাৰ লাইমলাইটতো আহিছিল দুয়ো। দুয়োজনে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকাৰ কথা দীৰ্ঘসময় ধৰি চৰ্চাত আছিল। অৱশ্যে, এতিয়ালৈকে দুয়োয়ে অফিচিয়েলি ঘোষণা কৰা নাই প্ৰেমৰ সম্পৰ্কৰ কথা।

 

নোটবুক, ডাবল XL আদিৰ দৰে চিনেমাত অভিনয় কৰা জাহিৰ ইকবালৰ পিতৃ ইকবাল ৰত্নাচী হৈছে বলিউডৰ ভাইজান ছলমান খানৰ ল’ৰালিৰ বন্ধু।

সোণাক্ষী-জাহিৰৰ প্ৰথম সাক্ষাৎ কৰাইছিল ছলমান খানে।

 

পিছে দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ উৰাবাতৰিক লৈ জাহিৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘ময়ো দীৰ্ঘদিন ধৰি এই কথা শুনি আহিছো, এতিয়া এইবাৰ কথাক মই গুৰুত্ব নিদিওঁ। যদি আপোনালোকে আমি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছো বুলি ভাবিছে তেন্তে ঠিক আছে। আপোনালোকৰ বাবেই ভাল। মই তেওঁৰ(সোণাক্ষী) লগত থকা কথাটো ভাবি আপোনালোকে সুখ পাইছে যদি এয়া আপোনালোকৰ বাবে সুখৰ কথা। যদি এই ভাবি আপোনালোকে দুখ পাইছে তেন্তে ক্ষমা কৰিব, এই বিষয়ে ভবাটো বন্ধ কৰি দিয়ক’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.