শব্দৰ জৰিয়তে সমাজক জগোৱা নিত্য বৰাৰ আৰু নাই…
এয়া কঠোৰ সময়...অসমীয়াই আৰু কিমান সহ্য কৰিব?

এয়া কঠোৰ সময়…অসমীয়াই আৰু কিমান সহ্য কৰিব? এটাৰ পিছত এটাকৈ খহি পৰিছে অসমীয়াৰ ভোটা তৰা। ব’হাগৰ বতৰত আকৌ আহিল আন এটা দুঃখবৰ। বিশিষ্ট লেখক, সাংবাদিক নিত্য বৰা আৰু নাই। যোৰহাটৰ মেডিকেল কলেজ হাস্পতালত দেহাৱসান ঘটে বৰাৰ। বুধবাৰে দিনৰ ২.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। জানিব পৰা মতে গুৱাহাটী মহানগৰীত শেষকৃত্য সম্পন্ন হ’ব বিশিষ্ট স্তম্ভ লেখক-সাংবাদিকগৰাকীৰ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল নিত্য বৰা। অসুস্থ দেহাৰেই তেওঁ অংশগ্ৰহণ কৰি ফুৰিছিল বিভিন্ন বৌদ্ধিক অনুষ্ঠানত। সিদিনা আছিল ২০২৫ বৰ্ষৰ ২৬ অক্টোৱৰ, … উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত ২১ সংখ্যেক ব্ৰজমোহন শৰ্মা স্মাৰক বক্তৃতানুষ্ঠানত তেওঁ ভাষণ দিছিল উদ্যো্ক্তা সমিতিৰ সভাপতিৰূপে। বিয়লি গুৱাহাটীৰ গান্ধীবস্তিৰ ঘৰখনলৈ উলটি আহিছিল। তিনিমহলীয়া ঘৰটোত তেওঁ অকলশৰীয়া। পৰিবাৰ আৰু একমাত্ৰ পুত্ৰই সাৱটি লৈছিল অকাল মৃত্যুক।কৰ্মসূত্ৰে বোৱাৰী, নাতি থাকে বাহিৰত। একমাত্ৰ জী-জোঁৱাই পেছাত চিকিৎসক, দুয়ো কৰ্মসূত্ৰে যোৰহাটত থাকে। ব্ৰজমোহন শৰ্মা স্মাৰক বক্তৃতানুষ্ঠানৰ পৰা ওভতি অহাৰ পিছত গান্ধীবস্তিৰ ঘৰটোত অকলেই আছিল। নিশাৰ আহাৰ ৰান্ধি থৈ ঘৰুৱা সহায়কাৰী গৰাকী সন্ধিয়া ৬ বজাত গুচি গৈছিল লগে লগে তেওঁ দুৱাৰৰ খিলি লগাই ঘৰটোৰ ভিতৰত অকলে সোমাই পৰিছিল। তাৰ পিছত কেতিয়া কি হ’ল কোনেও নাজানে। সন্ধিয়া ৬ বজাৰ পিছত সংযোগহীন হৈ আহিল মানুহজন। বহুতে তেওঁক ফোনত নোপোৱাত আৰু চুবুৰীয়াই বহু সময় উম ঘাম নোপোৱাত সকলোকে এক আশংকাই আৱৰি ধৰিলে। মানুহ ঢাপলি মেলিলে তেওঁৰ ঘৰলৈ। ঘৰৰ দুৱাৰ ভাঙি চুবুৰীয়াই তেওঁক লৈ যায় গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতাললৈ। হাস্পতালত গম পোৱা যায় মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল নিত্য বৰা। ২০২৫ বৰ্ষৰ ২৭ অক্টোৱৰৰ দিনা ছছিয়েল মিডিয়াযোগে ছাৰৰ স্বাস্থ্যৰ কথাখিনি লিখিছিল অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক পৰম প্ৰকাশ গগৈয়ে। পৰৱৰ্তী পৰ্যায়ত সাংবাদিক বৰাক লৈ যোৱা হয় যোৰহাটলৈ।
অসমৰ বৌদ্ধিক ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। কেইবাখনো গ্ৰন্থ লিখি থৈ গৈছে প্ৰয়াত বৰাই। একাধিক গ্ৰন্থ সম্পাদনাৰ সৈতেও জড়িত আছিল বৰা। ‘মণিদীপ’ (Manideep)ৰ আলোচনীখনৰ জৰিয়তে নিত্য বৰাই তেওঁৰ সাংবাদিকতাৰ জীৱনৰ পাতনি মেলিছিল। পিছত তেওঁ ‘অসমীয়া কবিতা’ নামৰ আলোচনীখনৰো সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও সাপ্তাহিক কাকত ‘সাদিন’ৰ সৈতে জড়িত হৈ নিয়মীয়া লিখা-মেলা কৰিছিল। সাপ্তাহিক ‘অসম বাণী’ নিয়মীয়া লেখকৰূপে পৰিগণিত হৈছিল সাংবাদিক নিত্য বৰা।
অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰা। তেওঁ দীৰ্ঘদিন ধৰি এই জনপ্ৰিয় অসমীয়া দৈনিক কাকতখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ‘সাম্প্ৰতিক সাময়িকী’ৰো সম্পাদক আছিল নিত্য বৰা। ‘সাম্প্ৰতিক সাময়িকী’ অসম আন্দোলনৰ সময়ৰ এখন সুকীয়া ধাৰাৰ আলোচনী। য’ত অসমীয়া লোকৰ সমস্যাৰ বিষয়ে অৱলোকন কৰা হৈছিল।
নিত্য বৰাৰ আন এখন চৰ্চিত গ্ৰন্থ ‘আত্মঘাতী অসমীয়া’। নিত্য বৰাৰ অসমীয়া সাহিত্যলৈ আন এক অনবদ্য অৰিহণা ‘বেজবৰুৱাৰ ৰচনাৱলী’। লেখক-সমালোচক সমীন্দ্ৰ হুজুৰীৰ সৈতে যুটীয়াভাৱে ‘বেজবৰুৱা ৰচনাৱলী’ৰ (১০টা খণ্ডৰ সংকলন) সম্পাদনা কৰিছিল সাংবাদিক নিত্য বৰাই। সাংবাদিক বৰাৰ প্ৰতিটো লেখাতে আছিল অসমীয়াৰ মনৰ কথা। তেওঁৰ লেখনিৰ শব্দই সমাজৰ বাস্তৱ জীয়া ছবিখনক প্ৰতিনিধিত্ব কৰিছিল। নিত্য বৰা মানেই সংবাদ জগতৰ এক নিৰ্ভীক কণ্ঠ, সাংবাদিকৰ আদৰ্শ। সঠিক সাংবাদিকতাৰ বাট দেখুৱাইছিল তেওঁ।
কবি নিলমণি ফুকনৰ অন্তিম চিঠিখন অৰ্পণ কৰিছিল বৰাক। জ্ঞানপীঠ বঁটা বিজয়ী, প্ৰয়াত কাব্যঋষি নীলমণি ফুকনে তেওঁৰ জীৱনৰ অন্তিম সময়ৰ কিছু গোপন কথা বা প্ৰতিক্ৰিয়া যিখন চিঠিৰ জৰিয়তে জনাব বিচাৰিছিল, সেই চিঠিখন কবিগৰাকীয়ে চৰ্তসাপেক্ষে সাংবাদিক নিত্য বৰাৰ হাতত অৰ্পণ কৰি গৈছিল। ১৯ বছৰৰ পূৰ্বে লিখা চিঠিখন কবিয়ে তেওঁৰ মৃত্যুৰ পিছতহে খুলিবলৈ অনুৰোধ জনাই গৈছিল সাংবাদিকগৰাকীক ৷ তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে নীলমণি ফুকনৰ দৰে মহান কবিৰ সৃষ্টিৰাজী আৰু তেওঁৰ ব্যক্তিগত অনুভৱৰ বিষয়ে চৰ্চা কৰাত আগভাগ লৈছিল। সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নিত্য বৰাক ২০১৭ চনত লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল।
আজি তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা বিদায় মাগিলে। কিন্তু, অসমীয়া সাংবাদিকতা আৰু সাহিত্যৰ সমন্বয় ঘটাই জনমত গঠনত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। নিত্য বৰাৰ মৃত্যুৰ খবৰ অসমৰ বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ কেৱল এজন সম্পাদকেই নহয়, আছিল এজন ধাৰা-নিৰ্মাতা। তেওঁৰ সম্পাদকীয় আৰু চিন্তাগধুৰ স্তম্ভলেখাসমূহে পাঠকক ভাবিবলৈ বাধ্য কৰাইছিল। চিৰবিদায় মহীৰূহ!
