১৩ জুনৰ ইতিহাস: আজিৰ দিনটো কিয় বিশেষ ? জানি লওক বিশ্বক আলোড়িত কৰা ঘটনাসমূহ
ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো

আজি ১৩ জুন। ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো। আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ।
এলবিনিজম সজাগতা দিৱস
শৰীৰৰ মেলানিন উৎপাদন সম্পৰ্কীয় বংশগত বিসংগতি এলবিনিজম ৰোগীৰ অধিকাৰ সুৰক্ষাৰ লগতে ইয়াৰ সৈতে জড়িত কুসংস্কাৰ আৰু সামাজিক বৈষম্য দুৰ কৰাৰ বাবে জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১৩ জুনত আন্তৰ্জাতিক এলবিনিজম সজাগতা দিৱস পালন কৰা হয়।
উভতি চাওঁ ইতিহাসত আজিৰ দিনটো…
মেণ্ডেলাক মুক্তিৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ
১৯৮০ চনৰ ১৩ জুনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাৰাবন্দী নেলছন মেণ্ডেলাক বিনাচৰ্তে মুক্তি দিবলৈ দক্ষিণ আফ্ৰিকাক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। দেশখনত বৰ্ণবৈষম্যৰ অন্ত পেলাই গণতান্ত্ৰিক ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলো ৰাজনৈতিক বন্দীকে মুক্ত কৰি দিয়াৰো আহ্বান জনোৱা হৈছিল।
এণ্টি-বেলিষ্টিক মিছাইল চুক্তি প্ৰত্যাহাৰ
২০০২ চনৰ ১৩ জুনত আমেৰিকাই শত্ৰু ৰাষ্ট্ৰ আৰু সন্ত্রাসবাদী সংগঠনৰ ভাবুকিৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা উল্লেখ কৰি ১৯৭২ চনত স্বাক্ষৰিত এণ্টি-বেলিষ্টিক মিছাইল চুক্তিৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে। এই সিদ্ধান্তই অস্ত্ৰ প্ৰতিযোগিতাৰ এক নতুন আশংকাৰ জন্ম দিয়ে।
সৌৰ জগত পাৰ হৈ পায়’নিয়াৰ ১০ৰ যাত্ৰা
১৯৮৩ চনৰ ১৩ জুনত আমেৰিকাৰ মহাকাশযান পাইয়নিয়াৰ ১০ নেপচুন কক্ষপথ অতিক্ৰম কৰা প্ৰথম মহাকাশযান হিচাপে পৰিগণিত হয়। মূলতঃ বৃহস্পতি গ্ৰহৰ অন্বেষণৰ বাবে ইয়াক ডিজাইন কৰা হৈছিল যদিও ই গভীৰ মহাকাশলৈ যাত্ৰা অব্যাহত ৰাখি সৌৰজগতৰ বাহিৰৰ তথ্য সংগ্ৰহ কৰে।
ইজিপ্তক অৰ্পণ ছুৱেজ খালৰ নিয়ন্ত্ৰণ
১৯৫৬ চনৰ ১৩ জুনত ৭২ বছৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণ থকা ছুৱেজ খালৰ নিয়ন্ত্ৰণ ইজিপ্তক অৰ্পণ কৰা হৈছিল। কিন্ত ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আব্দেল নাছেৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰাৰ ফলত ব্ৰিটেইন, ফ্ৰান্স আৰু ইজৰাইলে ইজিপ্ত আ/ক্ৰম/ণ কৰি খালটোৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠাৰ চেষ্টা কৰে।
দিল্লীৰ উপহাৰ চিনেমা হলৰ অগ্নিকা/ণ্ড
১৯৯৭ চনৰ ১৩ জুনত দিল্লীৰ গ্ৰীণ পাৰ্কৰ উপহাৰ চিনেমা হলত ছবি প্ৰদৰ্শনৰ সময়তে ভয়ানক অ/গ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। এই আকস্মিক দুৰ্যোগত হলটোৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৫৯ জন লোকৰ মৃত্যু আৰু শতাধিক লোক গুৰুতৰভাৱে আহত হয়।
দোষমুক্ত মাইকেল জেকচন
২০০৫ চনৰ ১৩ জুনত পপ আইকন মাইকেল জেকচনৰ বিৰুদ্ধে এটি ১৩ বছৰীয়া শিশুক যৌন নি/ৰ্যা/তন চলোৱা বুলি উত্থাপিত অভিযোগৰ পৰা ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰে। কেলিফৰ্ণিয়াৰ জুৰীৰ এই ৰায়দানে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত বিতৰ্কৰ অন্ত পেলায়।
ইৰাণৰ সৈতে প্ৰাকৃতিক গেছ ৰপ্তানি চুক্তি
২০০৫ চনৰ ১৩ জুনত ইৰাণ আৰু ভাৰতে ২০০৯ চনৰ পৰা ২৫ বছৰৰ বাবে বছৰি ৫০ লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ ভাৰতলৈ ৰপ্তানিৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল। ইৰাণৰ নেশ্যনেল গেছ এক্সপ’ৰ্ট কোম্পানীৰ সৈতে গেইল (ইণ্ডিয়া), ইণ্ডিয়ান অইল আৰু ভাৰত পেট্ৰলিয়ামে এই চুক্তিত স্বাক্ষৰ কৰে।
উভয় কোৰিয়াৰ ঐতিহাসিক বৈঠক
২০০০ চনৰ ১৩-১৫ জুনত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম ডায়ে-জুঙ আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং-ইল পিয়ংইয়াঙত এখন ঐতিহাসিক বৈঠকত মিলিত হৈছিল। ১৯৫৩ চনত কোৰিয়া যুদ্ধৰ পিছত দুয়োজন নেতাৰ এই প্ৰথম বৈঠকত একত্ৰীকৰণ, অৰ্থনৈতিক সহযোগিতা, আৰু দ্বিপাক্ষিক বিষয় সমূহ আলোচনা কৰা হয়।
জন্ম আৰু মৃত্যু:
জেমচ ক্লাৰ্ক মেক্সৱেলৰ জন্মদিন
১৮৩১ চনৰ ১৩ জুনত স্কটলেণ্ডৰ এডিনবাৰ্গত জন্ম হৈছিল বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ তত্বৰ প্ৰৱৰ্তক তথা পৰিসংখ্যা বলবিজ্ঞান সৃষ্টিৰ ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা স্কটিছ পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ জনৰ।
উইলিয়াম বাট্লাৰ য়েট্চৰ জন্মদিন
১৮৬৫ চনৰ ১৩ জুন তাৰিখে আয়াৰলেণ্ডৰ ডাবলিনত জন্ম হৈছিল সাহিত্যৰ নোবেল জয়ী যশস্বী আইৰিছ কবি, নাট্যকাৰ আৰু গদ্য লেখকজনৰ।
মিত্ৰদেৱ মহন্তৰ জন্মদিন
১৮৯৪ চনৰ ১৩ জুনত যোৰহাটৰ সৰ্বাইবন্ধাত জন্ম হৈছিল
অসম সাহিত্য সভাৰ আদৰণি গীত “চিৰ চেনেহী মোৰ ভাষা জননী” ৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যাচাৰ্য আৰু সংগীত নাটক অকাডেমি বটাঁৰে সন্মানিত যশস্বী কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতাজনৰ।
ই.এম.এছ নাম্বুদিৰিপদৰ জন্মদিন
১৯০৯ চনৰ ১৩ জুনত ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ পেৰিন্থালমন্নাত জন্ম হৈছিল কেৰালা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ আৰু তত্ত্ববিদজনৰ।
বেন কি-মুনৰ জন্মদিন
১৯৪৪ চনৰ ১৩ জুনত কোৰিয়াৰ চুচেইহকুৰ ইনচেইত জন্ম হৈছিল দক্ষিণ কোৰিয়াৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰী তথা ৰাষ্ট্ৰসংঘৰ অষ্টম গৰাকী মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা দক্ষিণ কোৰিয়াৰ প্ৰসিদ্ধ কূটনীতিবিদজনৰ।
মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু
খ্ৰীষ্টপূৰ্ব ৩২৩ চনৰ ১৩ জুনত ৩২ বছৰ বয়সত বেবিলনত মৃত্যু হৈছিল মেচিডোনিয়াৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰৰ। তেওঁৰ মৃত্যুৰ লগে লগে ইতিহাসৰ বৃহত্তম সামৰিক অভিযানৰ অন্ত পৰে আৰু তেওঁৰ বিশাল সাম্ৰাজ্যখন খণ্ডিত হৈ পৰে।