Assambihubohag bihuঅসমউৎসৱজুবিন গাৰ্গশিল্পীসংগীতসংস্কৃতি

কোনোকালে নোহোৱা নোপোজা ঘটনাৰ সাক্ষী হʼল অসম

বিহু নহৈ বৰবিহ হৈ আহিল ৰাঙলী বʼহাগ

হেঁপাহৰ, আদৰৰ, আবেগৰ বʼহাগ….
জাতিৰ আয়ুস বʼহাগ…
বহাগী বসন্তৰ ভূৱন ভুলোৱা সৌন্দৰ্যৰ স্বপ্নবিভোৰ মাদকতাত মোহাবিষ্ট অসমীয়া প্ৰাণ। ডেকা গাভৰুৰ গা সাতখন আঁঠখন। কাঠৰ খোলাৰ সৈতে মৰা গৰুৰ চালৰ গোপন মিতিৰালি। মেজাংকৰি বোলোৱা দেহাত ৰিহাখন মেৰিয়াই বিহুলৈ বুলি সাজু হোৱা পাট গাভৰুজনীৰ দুহাতত জেতুকাৰ বুলনি। ৰংপুৰীয়া ডেকাৰ ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু গৰগৰীয়া নাচনী। এইয়া প্ৰকৃতিৰ জাননী। এইয়া হেঁপাহৰ ব’হাগী।

ব্যতিক্ৰমী এইবাৰৰ বʼহাগ…..
যেন ইনাই বিনাই কুলিজনীয়ে মাতিছে বিৰহী বʼহাগ। নাই উচ্ছাহ, নাই সেই পূৰ্বৰ উদ্দীপনা। পদূলিত কপৌজনী ঠন ধৰি ফুলিছে, কিন্তু এইবাৰ বিলোৱা নাই সুগন্ধি। আইৰ আখলৰ পিঠা কেইটাও এইবাৰ ব’হাগত সোৱাদহীন। নাই এইবাৰ বʼহাগৰ কোনো বিশেষ অনুষ্ঠান। মাহজোৰা সেই দীঘলীয়া অনুষ্ঠানৰ তালিকাখন অহালৈ অপেক্ষা আছিল। কিন্তু নাহিল !
১৪ এপ্ৰিল – বঙাইগাঁও, ১৫ এপ্ৰিল – ধুবুৰী, এইবাৰ ১৬ এপ্ৰিলত বৰপেটালৈ আহিব জুবিন…কিন্তু কেনেকৈ আহিব ….?
সেই বিশেষ লিষ্টখনেই চোন নাহিল….!! ঘৰৰ ওচৰলৈ তেওঁ অহাৰ অপেক্ষা… ১২ বজাত‌ ষ্টেজত উঠিব, কাৰ লগত যাম, কʼত যাম, সপ্তাহজুৰি চকুত টোপনি নাই। দোবালপিতা বৰষুণ, অগনন মানুহ, তেওঁ ষ্টেজত উঠিলেই চিঞৰিম… জয় জুবিন দা।
বʼহাগ অবিহনে অস্তিত্বহীন অসমীয়া। কিন্তু জুবিন গাৰ্গ নোহোৱাকৈ উৎসৱক জানো আদৰিব পাৰে অসমীয়াই ? এইয়া জুবিন বিহীন প্ৰথম বʼহাগ। যেন এটুকুৰা কেঁচা ঘাঁ এইবাৰৰ বʼহাগ। কʼৰবাৰ পৰা কুলিৰ মাত এটা উপৰি আহিছে, সেইয়া যেন হেংদাং এখন হৈ বʼহাগে অসমীয়াৰ বুকুখন ৰেপিছে। সঁচাকৈ এইয়া বʼহাগেই আহিছে নে ? বসন্তই চাগে এইবাৰ অচিনাকি পাইছে অসমক। কাৰণ, বসন্তই বʼহাগৰ দুৱাৰ খুলি দেখা নাই চিনাকি মানুহজনক। ৰাংঢালী, জানমণি, অঞ্জনা, হিয়ামন, তগৰ, নাহৰ আটাইকেইজনীৰ গাত বিহু লগা নাই। এইবাৰ বিহুত মানুহটোৱেই নাই ….. ষ্টেজৰ বিহুবোৰ নাই, তলৰ উৎপাতবোৰ নাই।
আকৌ এবাৰ কোনোকালে নোহোৱা নোপোজা ঘটনাৰ সাক্ষী হʼল অসম। কাৰণ, জুবিনবিহীন বিহু নাছিল অসমীয়াৰ কাম্য। এই বʼহাগ বিৰহৰ বʼহাগ। বিহু নহৈ বৰবিহ হৈ আহিছে ৰাঙলী বʼহাগ। যেন এপাত শূল হৈ বুকুখন শালি নিবলৈ আহিছে বʼহাগ।
আজি বৰ বিবৰ্ণ যেন লাগিছে এই বসন্তৰ আবেলিটো…
বৰ নিস্তব্ধ যেন লাগিছে গাঁৱৰ বিহুতলি…
তেওঁ নাই… তেওঁ নাই….!
এদিন নহয় এদিন এৰি যাবই লাগিল হয় তুমি। কিন্তু এনেকৈ, অকস্মাতে, এয়াটো নাছিল কাৰো কাম্য। বিহু মানেই জুবিন গাৰ্গ। ‘মই আছোঁ, তঁহতি মাথোঁ কৰি যা’ বোলা অভয়বাণী, নাহৰৰ প্ৰতিধ্বনি হেৰাই গʼল বিহুৰ পথাৰত। কিন্তু শিল্পী কেতিয়াও মৃত্যু নহয়। ঠিক জ্যোতিপ্ৰসাদে কোৱাৰ দৰে, শিল্পী মই তিনিও কালৰ… অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ। যিয়ে শিকাইছিল, ‘হেৰৌ অসমীয়া ডেকা… তয়েই হ’বি নতুন অসমৰ নতুন সমিধান’। যাৰ নাছিল কোনো জাতি-ধৰ্ম। যাৰ একমাত্ৰ পৰিচয় মাথোঁ অসমীয়া। জুবিন এতিয়া অসমীয়াৰ অস্তিত্ব। এইবাৰ বিহুত জুবিন নাই, কিন্তু বিশ্বৰ বুকুত অসমীয়া শব্দটি থকালৈকে সোণ হৈ চিৰদিন জিলিকি ৰʼব জুবিন। দেখুৱাই যাব একতা আৰু সম্প্ৰীতিৰ আদৰ্শ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 6 =

Back to top button