
নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল হৈছিল উজনি৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এই প্ৰতিবাদ তুংগত উঠিছিল৷ ক্ষোভ প্ৰশমনৰ বাবে বিধানসভাত দাখিল কৰা হৈছিল জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন৷ পিছে সকলো ফুটুকাৰ ফেন হ’ল৷ নিৰ্বাচনী ফলাফলত বিজেপিয়ে লাভ কৰা নিৰংকুশ সংখ্যাগৰিষ্ঠতা পিছত সকলোৱে ভাবিছিল জনজাতিকৰণ নাপালেও অন্ততঃ প্ৰতিটো জনগোষ্ঠীৰ পৰা একোজনকৈ প্ৰতিনিধিয়ে মন্ত্ৰীত্ব লাভ কৰিব৷ ভবামতে বিষয়টোৱে বেচ চৰ্চাও লাভ কৰিছিল৷ মৰাণ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ বিধায়ক বলীন চেতিয়াই মন্ত্ৰীত্ব পাব বুলি চলিছিল ব্যাপক চৰ্চা।
কিন্তু ভবামতে কথাবোৰ নহ’ল৷ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকাত নাম নাহিল শদিয়াৰ পাঁচ বাৰৰ বিধায়ক বলীন চেতিয়াৰ৷ নাম নাহিল মটক জনগোষ্ঠীৰ বিনোদ হাজৰিকা আৰু পুলক গোঁহাইৰো৷ এতিয়া যেন তাৰেই পাৰ্শ্বক্ৰিয়া এয়া ৷ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ মৰাণ-মটক জনগোষ্ঠীৰ। মন্ত্ৰীসভাৰ তালিকাত মৰাণ-মটক জনগোষ্ঠীক উপেক্ষিত কৰাৰ অভিযোগ তুলি নিশাৰ ভিতৰতে সংবাদমেল যোগে ৪৮ ঘন্টীয়া ডিব্ৰুগড়-তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছিল মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনীৰ লগতে জনগোষ্ঠী দুটাৰ বহুকেইটা সংগঠনে৷
সংগঠনকেইটাৰ আহ্বানত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ’ল ডিব্ৰুগড় আৰু তিনিচুকীয়াত ৷ জনগোষ্ঠীয় সংগঠনকেইটাৰ অভিযোগ, বিজেপি চৰকাৰে গ্ৰহণ কৰিছে খিলঞ্জীয়া বিৰোধী স্থিতি। ছাত্ৰ সংগঠনকেইটাৰ অভিযোগ, নিৰ্বাচনৰ পূৰ্বে দুয়োটা জনগোষ্ঠীৰ প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পিছে নিৰ্বাচনৰ পিছত তাৰ ওলোটা ছবিহে প্ৰতিফলিত হ’ল৷ ফলত চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল মৰাণ-মটক জনগোষ্ঠীক ৷
তেওঁলোকৰ দাবী দুয়োটা জনগোষ্ঠীৰে প্ৰতিনিধিক অনতিপলমে নতুন মন্ত্ৰী সভাত স্থান দিয়াৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ এজন বিধায়ককো অন্তৰ্ভূক্ত কৰিব লাগিব৷ অন্যথা তিনিচুকীয়া, ডিব্ৰুগড়ত আৰম্ভ হ’ব জংগী আন্দোলন ৷ মন্ত্ৰী সভাত নিজ জনগোষ্ঠীৰ প্ৰতিনিধিক সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত জনগোষ্ঠীৰ দুটাৰ এই হুংকাৰ মুখ্যমন্ত্ৰীয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

