অসমৰাজনৈতিক

আজি উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিন, ১৩ ঘণ্টা জুৰি চলিল বৈঠক

সন্মিলনত উপায়ুক্তৰ সৈতে মিলিত হ’ল মুখ্যমন্ত্ৰী

আজি উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিন, ১৩ ঘণ্টা জুৰি চলিল বৈঠক।

পাৰ্বত্য জিলা কাৰ্বি আংলংৰ সদৰ ডিফুত দেওবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ৰাজ্যৰ উপায়ুক্ত সকলৰ সন্মিলনৰ আজি দ্বিতীয় দিন৷

আজি উপায়ুক্ত সকলৰ সৈতে স্বাস্থ্যখণ্ড আৰু মীন উন্নয়ণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

দেওবাৰৰ দিনটোত ১৩ ঘন্টাকৈ উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী মন্ত্ৰীৰ উপস্থিতিত হোৱা ৰুদ্ধদ্বাৰ বৈঠকত জিলা সমূহৰ খৰটকীয়া উন্নয়ণৰ ক্ষেত্ৰত সময়োচিত পদক্ষেপ ল’বলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷

এই সম্পৰ্কত সাংবাদিকৰে হোৱা আলোচনাত উল্লিখিত তথ্য দাঙি ধৰে অসম চৰকাৰৰ মুখপাত্ৰ তথা জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই৷

উল্লেখ্য যে, আজি নিশাৰ ভাগত অন্ত পৰিব উপায়ুক্ত সন্মিলন৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + two =

Back to top button