nationalভাৰত

লোকসভাতো ভাঙোনৰ দিশে তৃণমূল! দলপতি হ’ব নেকি কাকলি ঘোষ দস্তিদাৰ?

দেওবাৰৰ বৈঠকত সকলো ঠিকেই থাকিলে সোমবাৰে সাংসদৰ স্বাক্ষৰসহ নতুন সংসদীয় নেতাৰ নামসহ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাখিল কৰা হ’ব পত্ৰ৷ এই পত্ৰত সংসদীয় দলৰ নেতা হিচাপে -প্ৰস্তাৱ কৰা হ’ব কাকলি ঘোষ দস্তিদাৰৰ নাম।

বিধানসভাৰ পিছত এইবাৰ লোকসভাতো ভাঙোনৰ দিশে মমতা বেনাৰ্জী নেতৃত্বধীন তৃণমূল কংগ্ৰেছ৷ খবৰ অনুসৰি- দেওবাৰে বৈঠকত মিলিত হ’ব কমেও ২০ তৃণমূল সাংসদ। দেওবাৰৰ বৈঠকত সকলো ঠিকেই থাকিলে সোমবাৰে সাংসদৰ স্বাক্ষৰসহ নতুন সংসদীয় নেতাৰ নামসহ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাখিল কৰা হ’ব পত্ৰ৷ এই পত্ৰত সংসদীয় দলৰ নেতা হিচাপে -প্ৰস্তাৱ কৰা হ’ব কাকলি ঘোষ দস্তিদাৰৰ নাম।

এনে জল্পনা-কল্পনাৰ মাজতে শেহতীয়াকৈ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰা বিদ্ৰোহী সাংসদ কাকলি ঘোষ দস্তিদাৰে সামাজিক মাধ্যমত দিছে এক তাৎপৰ্যপূৰ্ণ পোষ্ট৷ এই পোষ্টত চাৰি দশক ধৰি মমতা বেনাৰ্জীৰ সৈতে স্বৈৰাচাৰীতাৰ বিৰুদ্ধে যুঁজ দি অহা বুলি উল্লেখ কৰিছে তেওঁ৷

সিমানতেই ক্ষান্ত নহৈ কাৰো নাম উল্লেখ নকৰাকৈ বংগৰ শেহতীয়া নিৰ্বাচনত শোচনীয় পৰাজয়ৰ দায় নেতৃত্বলৈ ঠেলি কাকলিৰ তাৎপৰ্যপূৰ্ণ মন্তব্য- এয়া নীতিৰ বিৰুদ্ধে দিয়া ৰায় । এয়া শাসন ব্যৱস্থাৰ ব্যৰ্থতা।ইফালে তৃণমূলৰ ৮০ বিধায়কৰ ৬০ জনৰে সমর্থন লাভ কৰি বিধানসভাৰ বিৰোধী দলপতিৰ আসনত বহা ঋতব্ৰত বেনাৰ্জীৰ মন্তব্য, সংখ্যা বাঢ়ি গৈ থাকিব, এই কথা মনত ৰাখিব। মাত্ৰ বিধানসভাৰ অধিৱেশনলৈ অপেক্ষা কৰক৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.