অসমশিল্পীসংগীতসংস্কৃতিসাহিত্য

গৰিমা হোৱাটো সহজ নহয়

জুবিনসৃষ্ট পথাৰৰ শস্য বুটলি মঞ্চত জুবিনক সুঁৱৰিলে গৰিমাই

সুৰকাৰ জুবিন…
কন্ঠশিল্পী জুবিন…
মানৱদৰদী জুবিন…
চিনো আহক কবি জুবিন গাৰ্গক…
জুবিন বিহীনভাবেই মঞ্চত জুবলি বৰুৱাৰ সংগীতানুষ্ঠান। প্ৰতিখন অনুষ্ঠানতে গʼল্ডি দাক সুঁৱৰি গীত পৰিৱেশন কৰিছে জুবলিয়ে। কিন্তু জুবলিক মঞ্চত অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিলে গৰিমাই। মালিগাঁৱৰ পাণ্ডু বিহু সন্মিলনীৰ মঞ্চত একেলগে অনুষ্ঠান পৰিৱেশন কৰিলে জুবলি-গৰিমাই।
গান নহয়, এইবাৰ গৰিমাৰ কঁপা-কঁপা মাতেৰে জুবিনৰ কবিতা। জুবিনসৃষ্ট পথাৰৰ শস্য বুটলি মঞ্চত জুবিনক সুঁৱৰিলে গৰিমাই।
জুবিন গাৰ্গ সোঁৱৰণী মঞ্চ…. মঞ্চলৈ উঠি আহিল জুবিন গাৰ্গৰ ছাঁৰ দৰে লগত থকা মানুহগৰাকী। দৰ্শকৰ মুখত জয় জুবিন দা ধ্বনি। জুবলিৰ মুখেৰে নিগৰি আহিল এশাৰী কথা – আজি বৌ কাষত থকা কাৰণে গʼল্ডি দা লগতে থকা যেন লাগিছে। লগে লগে জুবলি গৰিমাৰ মধুৰ আলিংগন।
আহ…. কি অসহ্যকৰ দৃশ্য। বুকুখনত যেন বাগী কুঠাৰ মাৰিছে কোনোবাই ।
কোনে জানিছিল, কোনে ভাবিছিল, ৰঙৰ ৰঙালী ইমান বিষাদভৰা হʼব বুলি ! মানুহজন নোহোৱাৰ হোৱাৰে পৰা গৰিমাৰ চকুত টোপনি নাই, হাস্পতাললৈও যাবলগীয়া হৈছে বহুবাৰ। কিন্তু তথাপিও মানুহৰ গৰাকীৰ যেন এখন্তেক ৰʼবলৈও সময় নাই। ঠিক জুবিন গাৰ্গৰ দৰে। যাযাবৰী মনৰ মানুহজনৰ অৰ্ধাঙ্গিনী গৰিমাই পাৰ্যমানে কৰিছে অসমবাসীয়ে বিচৰা ধৰণে। মাজনিশা অসহায় অসুস্থ মানুহজনীয়ে কবিতাৰ জড়িয়তেই সুঁৱৰিলে মনৰ মানুহজনক। গৰিমাৰ মতে, কবি জুবিন গাৰ্গকো চিনিব লাগিব মানুহে। কেৱল গীত অথবা চিনেমাৰ মাজতেই সীমাবদ্ধ নাথাকি কবিতাৰ জগতখনতো জুবিন গাৰ্গৰ আছিল এক সুকীয়া স্থান। জুবিনৰ সেই কাব্যিক সৃষ্টিৰাজি বুটলি মঞ্চত গৰিমাই পাঠ কৰি গʼল ইটোৰ পিছত সিটো কবিতা।
জুবলিৰ কন্ঠত গʼল্ডি দাৰ গীত, মাজে মাজে গৰিমাই পাঠ কৰিছে কবিতা। যেন নিৰবধিৰভাৱে দৰ্শকে শুনিয়েই থাকিব। একেথৰে চাই ৰʼব যেন জুবলি গৰিমাৰ যুগলবন্দী।
সঁচাকৈ, গৰিমা হোৱাটো সহজ নহয়। তেওঁ কান্দে, উচুপি উচুপি কান্দে, নাকন্দিবা সোণজনী বুলি নিচুকাবলৈ মনৰ মানুহজন আৰু কেতিয়াও নাহে ।
দয়া কৰি জুবিন গাৰ্গক মৃত সজাবলৈ চেষ্টা নকৰিব। কোনে কৈছে এইবাৰ বিহুত মঞ্চত জুবিন নাই ? জুবিনময় অসমৰ প্ৰতিখন বিহু মঞ্চ। শিল্পী যিয়েই নহওঁক, গায়কে যিয়েই নাগাওক কিয়, দৰ্শকৰ মুখত এটাই ধ্বনি “জয় জুবিন দা”।
কি বাদ্যযন্ত্ৰী, কি বিহু উদযাপন সমিতিৰ বিষয়ববীয়া, সকলোৰে চকুত কেৱল চকুলো। সকলোৰে মুখত কেৱল জুবিন গাৰ্গৰ কালজয়ী গীত।
নকʼব….অসম কেতিয়াও জুবিন বিহীন হʼব নোৱাৰে। অসম সদায় জুবিনময়। কায়িক ভাৱেহে মানুহজন নাই…. তেওঁ দ্বায়িত্ব দি গৈছে গৰিমাক। নিজকে কোনোমতে চম্ভালি অসমবাসীয়ে বিচৰা ধৰণে শক্তিশালী হৈ ঠিয় দিছে গৰিমা। কাৰণ, জুবিন গাৰ্গে কৈছিল, Show must go on.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 4 =

Back to top button