অসমদুৰ্ঘটনাদৈনিক বাতৰি
Trending

ড্ৰাগছৰ বাবেই ভয়ংকৰ ঘটনা চামগুৰিত

৪০ মিনিট চালকৰ আসনতেই আৱদ্ধ হৈ থাকিল দুৰ্ঘটনাগ্ৰস্ত যুৱক, বাহনৰ ভিতৰত উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ

নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযান যিমানেই অব্যাহত নাৰাখক আৰক্ষী-প্ৰশাসনে, দিনকদিনে ভয়াবহৰূপত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ প্ৰয়োভৰ(Anti drugs drive in Assam)। ড্ৰাগছৰ কৱলত পৰি দৈনিক জীৱন হেৰুৱাইছে নতুন প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে। সমান্তৰালকৈ এইধৰণৰ নিচাযুক্ত দ্ৰব্যই বৃদ্ধি কৰাইছে দুৰ্ঘটনা। উদাহৰণ শনিবাৰে নগাঁৱৰ চামগুৰিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Nagaon)।

চামগুৰিত নিশা সংঘটিত এই দুৰ্ঘটনাই বুকু কঁপাব প্ৰতিগৰাকী লোকৰ। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ যে দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ ভিতৰতে প্ৰায় ৪০ মিনিট আৱদ্ধ হৈ থাকিল চালকজন। সৰ্বশৰীৰ ৰক্তাক্ত হৈ থকা চালকজনক বহু পলমকৈ লৈ যোৱা হ’ল হাস্পতাললৈ(Accident due to drugs)।

ঘটনা অনুসৰি AS 06 L 6633 নম্বৰৰ চাৰিচকীয়া ব্যক্তিগত বাহনখনে প্ৰচণ্ড খুন্দা মাৰে এখন ট্ৰেইলাৰ বাহনত। ফলত চালক যুৱকজনে মূৰত গুৰুতৰভাৱে আঘাত পায়। এই দুৰ্ঘটনাৰ পিছত অচিনাক্ত যুৱকজন প্ৰায় ৪০ মিনিট চালকৰ আসনতে আৱদ্ধ হৈ থাকে(Accident in Samaguri)। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ, আৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত হোৱা সোণাৰিবালিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত চালকৰ আসনৰ পৰা উলিয়াই অনা হয় যুৱকজনক।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও এই বাতৰি প্ৰকাশ কৰা সময়লৈকে পৰিচয় উদ্ধাৰ হোৱা নাই। ইফালে ব্যক্তিগত বাহনখনৰ চালকৰ আসনৰ কাষত দেখিবলৈ পোৱা গৈছে ড্ৰাগছভৰ্তি কণ্টেইনাৰ। যাৰ ফলত ড্ৰাগছ সেৱন কৰি দুৰ্ঘটনাটো সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। আনহাতে যিখন ট্ৰেইলাৰ বাহত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়, সেই ট্ৰেইলাৰ বাহনৰ চালকজনে দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.