
মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ সকলো ঠিকে-ঠাকে থাকিলে অহা ৫ জুনত শপত ল’ব নতুন মন্ত্ৰীয়ে! কিন্তু- এইবাৰো পূৰণ কৰা নহয় সকলো মন্ত্ৰী পদ!মুখ্যমন্ত্ৰীৰ সৈতে যোৱা ১২ মে’ত শপত লৈছিল ৪ মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে৷
প্ৰথম সম্প্ৰসাৰণত অন্তৰ্ভূক্ত হ’ব ১১ মন্ত্ৰী!ফলত ১৫ জনলৈ বৃদ্ধি পাব হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰীৰ সদস্য সংখ্যা৷ তাৰ পিছতো খালী হৈ ৰ’ব মন্ত্ৰীসভাৰ ৩টা পদ! প্ৰথমটো সম্প্ৰসাৰণত মন্ত্ৰীসভাত অন্তৰ্ভূক্তি প্ৰায় নিশ্চিত হোৱাসকল হৈছে-
ডাঃ ৰণোজ পেগু
প্ৰদ্যুৎ বৰদলৈ
পীযূষ হাজৰিকা
জয়ন্ত মল্লবৰুৱা
কৌশিক ৰায়
সুশান্ত বৰগোঁহাই
বলিন চেতিয়া
অশ্বিনী ৰায় সৰকাৰ
কৃষ্ণেন্দু পাল
ৰূপালী লাংথাছা
মন্ত্ৰীসভাত বিপিএফৰ কোনো সদস্য অন্তৰ্ভূক্ত নহয় প্ৰথমটো সম্প্ৰসাৰণত৷ কিন্তু অগপৰ পৰা মন্ত্ৰী হ’ব পাৰে- কেশৱ মহন্ত আনহাতে, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া ভূপেন বৰাক বিধানসভাৰ উপাধ্যক্ষ! পদত অধিষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷ উল্লেখনীয়ভাৱে মুখ্যমন্ত্ৰীৰ শেহতীয়া দিল্লী ভ্ৰমণৰ সময়ত প্ৰায় চূড়ান্ত ৰূপ দিয়া হয় এই তালিকাত৷
