Sportsখেল
Trending

বিশ্বকাপ ফুটবলক লৈ বিশ্বজুৰি উন্মাদনা…

প্ৰথমবাৰলৈ বিশ্বকাপত অংশগ্ৰহণ ৪৮খন দেশৰ। অহা ১৯ জুলাইত হ’ব বিশ্বকাপৰ ফাইনেল ( FIFA World Cup 2026)। মুঠ ১০৪খন খেল অনুষ্ঠিত হ’ব বিশ্বকাপত। কেইবাখনো নতুন দেশৰ অভিষেক হ’ব বিশ্বকাপত।

মাজত মাথোঁ এটা নিশা। কাইলৈ বৃহস্পতিবাৰৰ পৰা ফুটবলৰ মহাযজ্ঞ আৰম্ভ হ’ব মেক্সিকো চিটিৰ ঐতিহাসিক এষ্টাডিঅ’ এজটেকা ষ্টেডিয়ামত। উদ্বোধনী মেচত মুখামুখি হ’ব আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্ৰিকা। ২০১০ চনৰ বিশ্বকাপো সূচনা হৈছিল এই দুয়োটা দলৰ উদ্বোধনী মেচেৰে । ১৬ বছৰৰ পাছত এয়া হ’ব ইতিহাসৰ পুনৰাবৃত্তি।

প্ৰথমবাৰলৈ বিশ্বকাপত অংশগ্ৰহণ ৪৮খন দেশৰ। অহা ১৯ জুলাইত হ’ব বিশ্বকাপৰ ফাইনেল ( FIFA World Cup 2026)। মুঠ ১০৪খন খেল অনুষ্ঠিত হ’ব বিশ্বকাপত। কেইবাখনো নতুন দেশৰ অভিষেক হ’ব বিশ্বকাপত। মেক্সিকোৰ এষ্টাডিঅ’ এজটেকা হ’ব উদ্বোধনী অনুষ্ঠান। সংগীতানুষ্ঠানেৰে বিশ্ব কঁপাবলৈ সাজু ছাকিৰা, ব্ৰুনা বয়। ফুটবল বিশ্বকাপত থাকিব ভাৰতীয়মূলৰ ৪ খেলুৱৈ। ২ মহাতাৰকা মেছি-ৰ’নাল্ডোৰ বাবে এইখনেই শেষ বিশ্বকাপ।

অৱশ্যে ভাৰতীয় দৰ্শকে বিশ্বকাপ চাবলৈ এদিন অপেক্ষা কৰিব লাগিব। টাইম জ’নৰ পাৰ্থক্যৰ বাবেই আমি কৰিব লাগিব অপেক্ষা। ভাৰতত বিশ্বকাপ দেখা যাব শুকুৰবাৰৰ মাজনিশাৰ পৰা। আমি উদ্বোধনী মেচ দেখিম শুকুৰবাৰে নিশা ১২.৩০ বজাত। মেক্সিকো দলক নেতৃত্ব দিব এডছন এলভাৰেজে। দলটোৰ মূৰ ভৰসা হ’ব ষষ্ঠবাৰৰ বাবে বিশ্বকাপ খেলিব লগীয়া গ’লৰক্ষক গুইলেৰমো অচ্চোৱা, ষ্ট্ৰাইকাৰ ছাণ্টিয়াগো গিমিনেজ আৰু অভিজ্ঞ ৰাউল জিমিনেজ। ঘৰুৱা সমৰ্থকৰ সন্মুখত বিজয়েৰে অভিযান আৰম্ভ কৰাৰ লক্ষ্য মেক্সিকোৰ।

আনহাতে দক্ষিণ আফ্ৰিকাক নেতৃত্ব দিব ৰোৱেন উইলিয়ামছে । আফ্ৰিকান দলটোৰ মূল অস্ত্ৰ হ’ব তাৰকা উইংগাৰ পাৰ্চি টাও, ষ্ট্ৰাইকাৰ লাইলে ফষ্টাৰ আৰু অভিজ্ঞ মিডফিল্ডাৰ থেম্বা ঝাউনে।আণ্ডাৰডগ হিচাপে নামিলেও বিশ্বকাপত চমক দেখুৱাবলৈ সাজু দক্ষিণ আফ্ৰিকা। ৮০ হাজাৰৰো অধিক দৰ্শকৰ উপস্থিতিত বিশ্বকাপৰ প্ৰথম মেচৰ কিক-অফৰ হুইচেল বজাৰ লগে লগে আৰম্ভ হ’ব এক মাহ ৯ দিনজোৰা ফুটবল উন্মাদনা। ইতিহাস, আবেগ আৰু বিশ্বজয়ৰ সপোন বুকুত লৈ আমেৰিকা, মেক্সিকো আৰু কানাডাই আয়োজন কৰিব ফুটবলৰ মহাযজ্ঞ ২০২৬ৰ ফিফা বিশ্বকাপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.