মহানায়কৰ বিদায়!
৩ নক্ষত্ৰৰ শেষ বিশ্বকাপ...!

১১জুন-১৯ জুলাই… উন্মাদনাৰ এটা মাহ… ঘড়ীৰ এলাৰ্মত সাৰ পাই হাতত একাপ চাহ অথবা কফি লৈ টেলিভিছনৰ সন্মুখত বহিবলৈ মন উদগ্ৰীৱ হৈ থকা এটা মাহ। কিয়নো এয়া Fifa বিশ্বকাপ ২০২৬… ফুটবল বিশ্বৰ আটাইতকৈ বৃহৎ মহোৎসৱ এই বিশ্বকাপ… ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ এক নতুন ৰূপত অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে বিশ্বকাপত ৩২খন দেশৰ পৰিৱৰ্তে ৪৮খন দেশে অংশগ্ৰহণ কৰিব। আমেৰিকা, কানাডা আৰু মেক্সিকোত যৌথভাৱে অনুষ্ঠিত হ’ব ফুটবলৰ ৰণাংগণ… আৰু এই উন্মাদনৰ প্ৰতিযোগিতাত এইবাৰ অনুষ্ঠিত হ’ব মুঠ ১০৪খন খেল। এইবাৰ ফিফা বিশ্বকাপৰ এই বিশেষ সম্প্ৰসাৰণে বিশ্বমঞ্চত চিনাকি কৰি দিব আফ্ৰিকা, এছিয়া ওচেনীয়াৰ বহু সৰু সৰু দেশক।
মহানায়কৰ বিদায়…
৩ নক্ষত্ৰৰ শেষ বিশ্বকাপ…
আপুনিও নিশ্চয়কৈ জানে আমি কাৰ কথা ক’বলৈ আগবাঢ়িছো। কোনোৱে ব্যক্তিগত ৰূপত মানিবলৈ খোজক বা নোখোজক… প্ৰতিটো প্ৰজন্মতে হিৰো থাকে। কিন্তু লেজেণ্ড থাকে কেইজন ? কিছুমান বিৰল মুহূৰ্তত বিশ্ব ক্ৰীড়াংগনত এনে আজন্ম প্ৰতিভাধৰৰ আৱিৰ্ভাৱ ঘটে, যি একোটা যুগৰ খেলৰ সংজ্ঞা নিজৰ প্ৰতিভাৰে নিৰূপণ কৰে। বিগত দুটা দশকত বিশ্ব ফুটবল যে আৱৰ্তিত হৈছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো, লিয়’নেল মেছি, নেইমাৰ জুনিয়ৰ নামৰ তিনি নক্ষত্ৰক কেন্দ্ৰ কৰি, সেই বিশ্বাসটোত অগণিত ফুটবলপিপাসুৰ কোনো দ্বিমত নাই।
বিশ্বকাপ ফুটবলে গোলকৰ ঠিক আমাৰ পৰা সিটো পাৰে ভুমুকি মৰাৰ সময়ত তিনি লেজেণ্ডৰ নাম চৰ্চাৰ তুংগত উঠাত অনুৰাগীৰ প্ৰৱল উছাহ , কিয়নো এয়াই তিনি নক্ষত্ৰৰ শেষ বিশ্বকাপ।
ক্ৰিষ্টিয়ানো ৰ’নাল্ডো… Jersey Number-7
CR-7, চকুত যাৰ দৃঢ়তা…অভিব্যক্তিত ফুটে উঠে অহংকাৰ। নিজক জনাৰ অহংকাৰ। খেলপথাৰত কেনেকৈ প্ৰতিপক্ষক দমন কৰিব লাগে, প্ৰয়োজনত কেনেকৈ এটা মিচিকিয়া হাঁহিৰে উপহাস কৰিব লাগে, সেয়া জানে ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই। এইবাৰ শেষবাৰৰ বাবে পৰ্তুগালৰ হাতত বিশ্বকাপৰ ট্ৰফী তুলি দিয়াৰ লক্ষ্যৰে শেষবাৰৰ বাবে ৰণাংগণত নামিব ৰ’নাল্ডো।
ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ফুটবল-গল্পৰ সূচনা হৈছিল জাৰ্মানীৰ বিশ্বকাপত ২০০৬ চনত। ২০ বছৰৰ পাছত আজি তেওঁ ফুটবল ইতিহাসৰ সৰ্বোচ্চ স্ক’ৰাৰ। কোৱা হয়, ৰ’নাল্ডোৰ পদধ্বনিত ফুটবল ফিল্ডত বলে গতি পায় আৰু তেওঁৰ প্ৰতিটো ড্ৰিবলে ভিন ভিন প্ৰজন্মত বিশ্বৰ চুকে-কোণে জন্ম দিয়ে একোজনকৈ অনুৰাগীৰ। আয়তাকাৰ খেলপথাৰত অতিমানৱীয় কিন্তু জ্যামিতিক ফুটবল খেলে ৰ’নাল্ডোৱে,য’ৰ প্ৰত্যেকটো ‘ড’জ’তে থাকে গ’ল স্ব’ৰ কৰাৰ অদম্য তৃষ্ণা।
ৰ’নাল্ডোৰ শিৰত তেওঁৰ কঠিন ইউৰোপিয়ান লীগৰ সকলো খিতাপ। ৫টা উৱেফা লীগ ট্ৰফী, ৫টা বেলন ডি’অৰ।
অসংখ্য অভিলেখ…সকলো শৌৰ্য্য শিৰোধান কৰিও কিন্তু তেওঁৰ অপূৰ্ণ বিশ্বকাপ স্বপ্ন। ফুটবলাৰ হিচাপে আজি কেৰিয়াৰৰ অস্তাচলত ৰ’নাল্ডো। ৪১ বছৰ বয়সত তেওঁ ষষ্ঠবাৰৰ বাবে আহিব বিশ্বকাপলৈ অপূৰ্ণ স্বপ্ন পূৰণ কৰাৰ আশাৰে। চি আৰ-৭ৰ কোটি কোটি অনুৰাগীৰ আশা, কেৰিয়াৰৰ শেষতম প্ৰতিযোগিতাখনত ক্ৰিষ্টিয়ানোৱে লাভ কৰিব তেওঁৰ সৰ্বোত্তম প্ৰাপ্তি। স্বপ্ন পূৰণ হ’ব বিশ্বকাপ জয়ৰ। নিজ দেশৰ বাবে ৰ’নাল্ডোৱে হাতত তুলি ল’ব পাৰিবনে বিশ্বকাপৰ সোনোৱালী ট্ৰফী।
The GOAT.. লিয়’নেল মেছি, Jersey Number-10…
কেৱল আৰ্জেন্টিনা…! ওহো নহয়…। এয়া এজন চুটি-চাপৰ দেখিবলৈ তেনেই সাধাৰণ যেন লগা মানুহৰ কাহিনী। যিজন মানুহৰ ভৰিৰ সঞ্চালনত সঞ্চালিত হয় বিশ্বৰ অৰ্ধেক ফুটবলপ্ৰেমীৰ ধমনী। এই সাধাৰণ যেন লগা মানুহজনৰ দৌৰে প্ৰতি অনুৰাগীৰ হৃদস্পন্দন বাঢ়ি যায়। তেওঁ লিয়’নেল মেছি। চকুৱে-মুখে বিয়পি থাকে স্থিৰ লক্ষ্যৰ দৃঢ়তা। নাই, প্ৰতিপক্ষই ধৰিব নোৱাৰে… এই পলকতে কেনেকৈ মেছিয়ে কাঢ়ি নিয়ে বল।
লিয়’নেল মেছিৰ কাহিনী শৌৰ্যশালী। মেছিৰ এইবাৰৰ যাত্ৰা কোনো লক্ষ্য স্পৰ্শ নহয়,বৰং পৰীৰ দেশৰ সাধুকথাৰ দৰে ঔজ্জল্যভৰা কেৰিয়াৰৰ সামৰণি মৰা। ৰ’জাৰিঅ’ চহৰৰ ঠেক গলিৰ পৰা বিশ্ব ফুটবলৰ এভাৰেষ্টলৈ, মেছিৰ ফুটবল-জীৱন আক্ষৰিক অৰ্থতে এক ‘ফেৰীটেল’, যি তেওঁৰ ফুটবল-বীৰত্বৰ যশ আৰু খ্যাতি কেৰিয়াৰৰ এটা এটাকৈ ভাঁজত মুকলি কৰি গৈছে।
২০২২ত কাটাৰত মেছিৰ সফলতাই চূড়া চুমিছিল। সোনোৱালী জলমল বিশ্বকাপটো শিৰৰ ওপৰলৈ দাঙি ধৰিছিল মেছিয়ে। অথবা ক’ব পাৰি যে তেওঁৰ অপূৰ্ণ স্বপ্ন সেইদিনা পূৰণ হৈছিল, যেতিয়া মেছিয়ে নিজৰ সুকোমল গাৰুত বিশ্বকাপটো থৈ গভীৰ প্ৰশান্তিত নিদ্ৰামগ্ন হৈছিল। আজি মেছিৰ হাতত বিশ্বকাপৰ সৰ্বাধিক মেচত ‘এপিয়েৰেন্স’ৰ ইতিহাস। মেছিয়ে দখল কৰিছে যিকোনো ফুটবলাৰৰ সৰ্বোচ্চ প্ৰাপ্তি ৮টা বেলন ডি’অৰ।
লিয়’নেল মেছি বিশ্ব চেম্পিয়ন…
এইবাৰ বিশ্বকাপত ষষ্ঠবাৰৰ বাবে দুভৰিৰ যাদু দেখুৱাব মেচিয়ে। আজি মেছি সেইজন জীৱন্ত কিম্বদন্তী, যাৰ পৰিধি ফুটবল পাৰহৈ আদিগন্ত বিস্তৃত। যদিহে ২০২৬ ৰ বিশ্বকাপ ফুটবল মেছিৰ বাবে শেষতম বিশ্বকাপ ফুটবলৰ অধ্যায় হয়, তেন্তে এয়া হ’ব বিশ্ব ক্ৰীড়াংগনৰ আটাইতকৈ চমৎকাৰ বিদায়পৰ্ব/’ফেয়াৰৱেল’। যদি তেওঁ হাতত কাপটো লৈ ‘লা এলবিচেলেষ্টি’ৰ সৈতে বুয়েনছ আয়াৰ্ছলৈ উভতি যায়, তেন্তে দেশবাসীয়ে ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ সিংহাসনত ৰাজ্যভিষেক ঘটাব মেছিৰ। মাৰাডোনাৰ সমালোচনাৰে ধৰাসায়ী হৈ থকা মেছিৰ বাবে এয়া হ’ব বিশ্বজয়েৰে দিয়া প্ৰত্যুত্তৰ।
নেইমাৰ জুনিয়ৰ…
Jersey Number-10..
ব্ৰাজিলৰ ‘অল টাইম গ’ল স্ক’ৰাৰ…
এয়া নেইমাৰ জুনিয়ৰৰ কাহিনী! কিন্তু ব্ৰাজিলৰ ফুটবল শিল্পী হৈয়ো যেন এক ট্ৰেজিক নায়ক! অথচ বিগত ২৪ টা বছৰে নেইমাৰেই বাৰে বাৰে বিশ্বকাপৰ সপোন দেখুৱাই আছে চেলেচাও দলক। ফিল্ডত ফুটবল-দৣতি/ফ্লেয়াৰ আৰু কল্পনাৰ অদ্ভুত বিন্যাস নেইমাৰৰ পদসঞ্চাৰত। কি এক ৰাজসিক গমন আৰু স্ব-আৰ্জিত স্বাধীন গতিৰ সাযুৰ্য! তেনেই সীমিত ফুটবলাৰৰহে থাকে নেইমাৰৰ দৰে অনায়াস কিন্তু ছন্দোবদ্ধ ফুটবল স্কিল। ব্ৰাজিলৰ ‘অল টাইম গ’ল স্ক’ৰাৰ’ৰ । অভিলেখৰ তালিকাৰে নেইমাৰে মহান পেলেক অতিক্ৰম কৰিছে।
কিন্তু আঘাত আৰু হৃদয়ভঙা ব্যৰ্থতাই তেওঁক বিশ্বকাপৰ মহানতা স্পৰ্শৰ পৰা বঞ্চিত কৰি ৰাখিছে। ব্ৰাজিলে যদি ট্ৰফীৰ ‘পেণ্টা’ এইবাৰ ‘হেক্সা’লৈ উত্তৰণ ঘটাব পাৰে, তেন্তে সেয়া হ’ব কেৱল, কেৱল নেইমাৰ জুনিয়ৰৰ বাবে। নেইমাৰ ব্ৰাজিলৰ বাবে আচলতে কি??? সেই অনুভৱ কেৱল আৰু কেৱল ব্ৰাজিলবাসীয়ে জানে। উপৰ্যুপুৰী আঘাতৰ বাবে নেইমাৰ এইবাৰ বিশ্বকাপৰ পথাৰত নামিবনে নাই সেয়া আছিল সন্দেহৰ বিষয়। ব্ৰজিলৰ World Cup Team ঘোষণাৰ সময়ত যেতিয়া নেইমাৰ জুনিয়ৰ নামটো উচ্চাৰণ কৰিছিল… সেই সময়ত লাইভ টেলিকাষ্ট চাই থকা মানুহবোৰে উচুপি উঠিছিল। হুকহুকাই কান্দিছিল মানুহ। কি কেৱল ব্ৰাজিল… নাই, কেৱল ব্ৰাজিল নহয়। ব্ৰাজিলক ভালপোৱা নেইমাৰ জুনিয়ৰ বুলি ক’লে উশাহ ঘন হৈ উঠা মানুহবোৰৰ দুচকু সিদিনা সেমেকি উঠিছিল। কিয়নো এজন খেলুৱৈৰ প্ৰতি, তেওঁৰ খেলৰ প্ৰতি এয়া মানুহৰ প্ৰচণ্ড ভালপোৱা।
আৰু যদি এইবাৰ ব্ৰাজিলে বিশ্বকাপৰ ট্ৰফী আজুৰি লয়, তেনেহ’লে এয়া হয়তো শেষবাৰৰ বাবে নেইমাৰ আৰু ষষ্ঠবাৰৰ বাবে ব্ৰাজিলে পূৰণ কৰিব বিশ্বকাপৰ স্বপ্ন । ব্ৰাজিললৈ নেইমাৰে লৈ যাব পাৰিবনে বিশ্বকাপৰ ট্ৰফী?

