nationalভাৰত
Trending

ৰাজ্যসভাৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ, সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

সুস্মিতা হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী! চৰ্চা মতে, বংগৰ পৰাই পুনৰ সুস্মিতা যাব ৰাজ্যসভালৈ৷ এই সন্দৰ্ভত পদত্যাগৰ পূৰ্বেই বুধবাৰে পুৱা দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সৈতে আলোচনা হয় সুস্মিতাৰ৷

এসপ্তাহৰ ভিতৰতে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছত দ্বিতীয়টো জোকাৰণি! বংগৰ শাসনৰ পৰা বিতাড়িত হোৱাৰ পিছত দলৰ আভ্যন্তৰত সূত্ৰপাত হোৱা বিদ্ৰোহৰ জুই বিধানসভাৰ পৰা প্ৰসাৰিত হৈছে সংসদলৈ ৷ লোকসভাৰ পিছত এইবাৰ
বিদ্ৰোহৰ জুই জ্বলিছে ৰাজ্যসভাতো! সুখেন্দু শেখৰ ৰায়ে ৰাজ্যসভাৰ পৰা পদত্যাগৰ পিছত বুধবাৰে উচ্চ সদনৰ পৰা পদত্যাগ কৰে সুস্মিতা দেৱেও ৷

মাথোঁ সাংসদ পদেই নহয়, সুস্মিতাই তৃণমূলৰ বিষয়বাবৰ পৰাও পদত্যাগ কৰিছে৷ এইদৰে ইজনৰ পিছত সিজন বিস্বস্ত সহযোগীৰ বিদায় তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীৰ বাবে বৃহৎ বিপৰ্যয় হিচাপে পৰিগণিত হৈছে৷ ইফালে পদত্যাগৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতাৰ।

সুস্মিতা হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী! চৰ্চা মতে, বংগৰ পৰাই পুনৰ সুস্মিতা যাব ৰাজ্যসভালৈ৷ এই সন্দৰ্ভত পদত্যাগৰ পূৰ্বেই বুধবাৰে পুৱা দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সৈতে আলোচনা হয় সুস্মিতাৰ৷ তাৰ পিছতেই তেওঁ ৰাজ্যসভাৰ চেয়াৰমেনলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ৷ একালৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা ২০১১ চনত কংগ্ৰেছৰ টিকটত শিলচৰৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল মাতৃ বিথিকা দেৱৰ উত্তৰসূৰী হিচাপে৷ পৰৱৰ্তী পৰ্যায়ত ২০১৪ চনত শিলচৰৰ পৰা লোকসভালৈ নিৰ্বাচিত সুস্মিতা আছিল সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰো সভানেত্ৰী৷

তাৰ পিছতে ২০২১ত কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল মমতাৰ দলত৷ ২১২১ আৰু ২০২৪ চনত দুবাৰকৈ পশ্চিমবংগৰ পৰা তৃণমূলৰ প্ৰাৰ্থিত্বত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল৷ কিন্তু বংগত তৃণমূল কংগ্ৰেছ ক্ষমতাৰ পৰা বিতাড়িত হোৱাৰ পিছত মমতাৰ সংগ এৰি বিজেপিত যোগদানৰ উদ্দেশ্যে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰে সুস্মিতাই৷ সুস্মিতা দেৱ আৰু সুখেন্দু শেখৰ ৰায়ৰ পদত্যাগৰ ফলত- ৰাজ্যসভাত তৃণমূলৰ সাংসদৰ সংখ্যা হ্ৰাস পালে ১১ লৈ।

ইয়াৰ মাজতে অচিৰেই আন ২ ৰাজ্যসভাৰ সাংসদেও তৃণমূল ত্যাগ কৰিব বুলি চলিছে চৰ্চা ৷ ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি, তৃণমূলৰ শেহতীয়া ভাঙোন বিজেপিৰ অপাৰেশ্যন লোটাছৰে অংশ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.