অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগ

২১ মাৰ্চত প্ৰচণ্ড ঘূর্ণী বতাহৰ কবলত পৰিব উত্তৰ-পূৰ্বাঞ্চল! বছৰৰ প্ৰথমটো ঘূর্ণী বতাহৰ সন্মুখীন হ’ব ৰাজ্যবাসী

২১ মাৰ্চত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

২১ মাৰ্চত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

২০২২ বৰ্ষৰ প্ৰথমটো ঘূর্ণী বতাহৰ প্ৰভাৱ পৰিব ২১ মাৰ্চত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী অনুসৰি, দক্ষিণ-পূব বঙ্গোপসাগৰত উৎপত্তি ঘটা ঘূর্ণী বতাহে সোমবাৰে উত্তৰ-পূবদিশে গতি কৰিব আৰু তাৰ পিছত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈ উত্তৰদিশে আগবাঢ়িব।

এই সাগৰীয় ঘূর্ণী বতাহক নাম দিয়া হৈছে ‘আছানী’। আছানীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ভয়ংকৰ ভূমিস্খলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। দ্বীপসমূহত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰাৰ প্ৰবল সম্ভাৱনা।

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগ, বিহাৰো এই ঘূৰ্ণী বতাহৰ কবলত পৰাৰ প্ৰৱল সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

২৩ মাৰ্চত বংগোপসাগৰ আৰু বাংলাদেশ আৰু ম্যানমাৰ উপকূলত ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে ‘আছানী’য়ে গতি কৰিব বুলি জনাইছে বতৰ বিজ্ঞানীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.