
সংখ্যাৰ শক্তিৰে এতিয়া বিদ্ৰোহী তৃণমূল দলেই হৈ পৰিব প্ৰকৃত তৃণমূল কংগ্ৰেছ। মমতা-অভিষেকৰ মতে আৰু নচলে তৃণমূল কংগ্ৰেছ । বিধানসভাৰ নতুন বিৰোধী দলপতি হ’ব বিদ্ৰোহী বিধায়কৰ ইচ্ছাত। পশ্চিমবংগ বিধানসভাত তৃণমূল কংগ্ৰেছৰ মুঠ বিধায়কৰ সংখ্যা ৮০। দুজন বিধায়কক বিসম্বাদী কাৰ্যকলাপৰ অভিযোগত মঙলবাৰে বহিষ্কাৰ কৰিছিল দলটোৱে।
বহিষ্কৃত হৈছিল ঋতব্ৰত বেনাৰ্জী, সন্দীপন সাহা। এতিয়া ঋতব্ৰত-সন্দীপনৰ নেতৃত্বকে মানি লৈছে বিদ্ৰোহী বিধায়কে। বিধানসভাত বিৰোধী দলপতি হ’ব বিদ্ৰোহী ঋতব্রত বেনাৰ্জী। মুখ্য সচেতক হ’ব আখৰুজ্জামান। উপ-বিৰোধী নেতা হ’ব সন্দীপন সাহা, শিউলী সাহা আৰু জাভেদ খান।
অথচ মমতা-অভিষেকৰ নিৰ্দেশত বিৰোধী নেতা হিচাপে শোভনদেৱ চেটাৰ্জী, মুখ্য সচেতক হিচাপে ফিৰহাদ হাকিম আৰু উপ-বিৰোধী নেত্ৰী হিচাপে বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হৈছিল পত্ৰ। কিন্তু সেই পত্ৰত বিধায়কৰ চহী জাল কৰাৰ বিধানসভাৰ অধ্যক্ষক অভিযোগ দিয়ে একাংশ বিধায়কে।
বিধানসভাৰ অধ্যক্ষ ৰথীন্দ্ৰ বসুৰ নিৰ্দেশত সেই অভিযোগৰ তদন্ত কৰিছে চিআইডিয়ে। তাৰ মাজতে আজি ৫৮ জন বিধায়কে স্বাক্ষৰ কৰি অধ্যক্ষৰ ওচৰত নতুন বিৰোধী নেতা, মুখ্য সচেতকৰ নাম প্ৰস্তাৱ কৰে।দলত্যাগ বিৰোধী আইনৰ পৰা ৰক্ষা পৰিবলৈ লাগে ৫২ বিধায়কৰ সমৰ্থন। বিদ্ৰোহী বিধায়কৰ সংখ্যা তৃণমূল কংগ্ৰেছৰ মুঠ বিধায়কৰ সংখ্যাৰ দুই তৃতীয়াংশতকৈ অধিক হোৱাত বিধানসভাৰ অধ্যক্ষই বিদ্ৰোহী বিধায়কৰ দাবী মানি লোৱাটো নিশ্চিত। মমতা-অভিষেকৰ নিৰ্দেশ অমান্য কৰি ওলাই অহা ৫৮ বিধায়কে বিধানসভাত প্ৰকৃত তৃণমূল কংগ্ৰেছৰ মৰ্যাদা পোৱাটো নিশ্চিত হোৱাৰ দিশে। নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ ২৭ দিনৰ ভিতৰত অভাৱনীয় গতিত সলনি হৈ পৰিল পশ্চিমবংগৰ ৰাজনৈতিক পৰিস্থিতি।
মাত্ৰ দুদিনৰ বিদ্ৰোহত থানৱান হৈ গ’ল মমতা বেনাৰ্জীৰ TMC। প্ৰৱল শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল তৃণমূল। বিধানসভাৰ সংখ্যাই এটা দলৰ শক্তি নিৰ্ধাৰণ কৰে। সেই সংখ্যাৰ শক্তিৰে এতিয়া বিদ্ৰোহী বিধায়কে তৃণমূল কংগ্ৰেছৰ প্ৰতীক, পতাকা আৰু নাম বিচাৰিলে নিৰ্বাচন আয়োগে মানি ল’ব তেওঁলোকৰ দাবী। মমতা-অভিষেকৰ হাতৰ পৰা তৃণমূল কংগ্ৰেছৰ নিয়ন্ত্ৰণ কাঢ়ি নিব এসময়ৰ বাওঁপন্থী নেতা ঋতব্ৰত বেনাৰ্জীয়ে। যিদৰে এসময়ত শিৱসেনা আৰু এনচিপিৰ সকলো কাঢ়ি নিছিল একনাথ সিন্দে আৰু অজিত পাৱাৰে। বংগৰ ৰাজনীতিত মমতাৰ পতন নিঃসন্দেহে লক্ষণীয় হ’ব।
