উকা ব’হাগ, উদাস ব’হাগ! হাতৰ মুঠিত নাহৰ ফুল লৈ জুবিনৰ শেষ ঠিকনাত গৰিমা…
যাৰ কণ্ঠই আনিছিল ব'হাগ, সেইজন মানুহ অবিহনে কেনেকৈনো অসমীয়াই পালন কৰিব ৰঙালী? সেয়ে গৰু বিহুৰ দিনটোতে প্ৰিয় মানুহজনক বিচাৰি সোণাপুৰত অনুৰাগীৰ ভিৰ। কোনোবাই যদি ফুল, আকৌ কোনোবাই আগবঢ়ালে গামোচা। ইফালে হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় গ'ল্ডীৰ কাষত গৰিমা।

সকলো একেই আছে, একেদৰে আহিছে বসন্ত। গছে পাত সলাইছে, কুলিয়ে মাতিছে, কপৌ ফুলো ফুলিছে। নিজস্ব ছন্দৰে প্ৰকৃতিৰ আয়োজন চলিছে। কিন্তু কিবা যেন বিষাদে ছানি ধৰিছে বিহুবলীয়া অসমীয়াক। উৰুঙা উৰুঙা প্ৰতিজন অসমীয়াৰ মন। নহ’বই বা কিয়। এয়া যে জুবিনবিহীন ব’হাগ বিহুৰ পৰম্পৰা, ৰীতি-নীতি পালন কৰিছে ঠিকেই। পিছে জুবিনৰ স্মৃতিয়ে আজিও আমনি কৰিছে অনুৰাগীক। এইবাৰ নাহৰ গাবলৈ নাহে নাহৰৰ প্ৰেমিকজন, নিতাল, নিস্তব্ধ হৈ শুই আছে সোণাপুৰত। জুবিন অবিহনে কি সতে নো ব’হাগক আদৰে অসমীয়াই…
জুবিনবিহীন প্ৰথমটো ব’হাগ এয়া। যাৰ কণ্ঠই আনিছিল ব’হাগ, সেইজন মানুহ অবিহনে কেনেকৈনো অসমীয়াই পালন কৰিব ৰঙালী? সেয়ে গৰু বিহুৰ দিনটোতে প্ৰিয় মানুহজনক বিচাৰি সোণাপুৰত অনুৰাগীৰ ভিৰ। কোনোবাই যদি ফুল, আকৌ কোনোবাই আগবঢ়ালে গামোচা। ইফালে হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় গ’ল্ডীৰ কাষত গৰিমা। উচুপি উচুপি প্ৰিয়তমলৈ জ্বলালে এগচি চাকি। নাহৰ ভালপোৱা জুবিনক নাহৰৰ থোপা উপহাৰ দিলে গৰিমা গাৰ্গে। মৰমৰ গ’ল্ডীলৈ আগবঢ়ালে লাড়ু-পিঠা, জলপান। জুবিনৰ চিতাৰ কাষত হুকহুকাই কান্দি উঠিল গৰিমা। কাষত নিশ্চুপ, নিৰ্বিকাৰ হৈ একেথৰে চাই ৰ’ল সকলোৱে। প্ৰিয় মানুহজন অবিহনে কিদৰেনো ৰঙীন কৰি তুলিব ৰঙালীক? গ’ল্ডী অবিহনে গৰিমাৰ যে, এইবাৰ নিথৰ বহাগ, শূন্য বসন্ত। গৰিমাৰ উকা হৃদয় এইবাৰ নাই নাহৰৰ গোন্ধ।
গৰিমাৰ সৈতে ভাতৃৰ শেষ শয়নস্থলীত উপস্থিত হ’ল ভগ্নী পামী বৰঠাকুৰ । গৰিমা সন্দৰ্ভত পামীয়ে ক’লে- ‘গৰিমাৰ স্বাস্থ্য খুব দুৰ্বল…। ৭ মাহ ধৰি তেওঁ ভালকৈ খাব পৰা নাই, টোপনি মাৰিব পৰা নাই। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈ এনেকুৱা অনুভৱ হৈয়ে থাকিব। গৰিমাক সংগ দিলে নৱনীতা শৰ্মা, ৰাজা বৰুৱা , পাৰ্থ প্ৰতীম গোস্বামী ,শ্যামন্তিকা শৰ্মা আদিয়ে। লগতে বিহুৰ প্ৰথম দিনটোতে সোণাপুৰত উপস্থিত হ’ল জুবিনৰ সতীৰ্থৰ লগতে বহু অনুৰাগী। মন পচন্দৰ উপহাৰেৰে প্ৰাণৰ শিল্পীগৰাকীক জনালে ৰঙালীৰ শুভেচ্ছা।
আজি বাকৰুদ্ধ জুবিনৰ মৰমৰ ভগ্নী জুবলী। গল্ডী দা অবিহনে কেনেদৰেনো আদৰে ব’হাগক। ব’হাগৰ প্ৰথম দিনটোতে প্ৰিয় শিল্পীৰ শেষ ঠিকনালৈ গৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনালে কণ্ঠশিল্পী জুবলীয়ে। ক’লে- “জুবিনদা য’তে আছে তাৰ পৰাই অসমবাসীক আশীৰ্বাদ কৰি থাকক।” জুবিন অবিহনে যেন বিহু মঞ্চত আধৰুৱা জুবলী।
বিহু মঞ্চত জুবিন গাৰ্গ আছিল অপ্ৰতিদ্বন্দ্বী আৰু অবিস্মৰণীয়। প্ৰাণৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰ মঞ্চ বিহু অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে বহুকেইখন বিহু মঞ্চই। কিছুসংখ্যকে সীমিত অনুষ্ঠানেৰে অনুষ্ঠিত কৰিছে বিহু। মঞ্চত নাহৰক লৈ তেঁওৰ নাহৰৰ প্রতি মৰম দেখুৱাইছিল.. আজি সেই নাহৰেই যেন নুফুলা হ’ল…। নাই প্ৰাণ, নাই অন্তৰৰ আহ্বান। জুবিন অবিহনে এইবাৰ উকা, উদাস ব’হাগ।