Assamleatest updatenationalSocialweather

ক’ৰ পৰা উৎপত্তি হৈছে ৰেমল? ৰেমলৰ অৰ্থ কি জানেনে?

সাগৰ পৃষ্ঠৰ উষ্ণতা ২৬.৫ ডিগ্ৰীতকৈ অধিক হ’লে ঘূৰ্ণীবতাহৰ সৃষ্টি হয়।

সংহাৰী ৰূপত সাগৰীয় ঘূৰ্ণী ‘ৰেমল’। দেশৰ ভিন্নপ্ৰান্তৰ লগতে সোমবাৰৰ মাজনিশাৰ পৰা অসমতো প্ৰভাৱ পৰিছে ৰেমলৰ। অসমৰ ভিন্ন ঠাইত ধুমুহা- বৰষুণৰ লগতে ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড গছ।

পিছে ক’ৰ পৰা উৎপত্তি হৈছে ৰেমল? ৰেমলৰ অৰ্থ কি জানেনে?

ইয়াৰ অৰ্থ হৈছে ‘বালি’। আৰু ৰেমল এক আৰবী শব্দ। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ তালিকাত ‘ৰেমল’ নামটো ওমানে দিছে। ২০২৪ চনৰ প্ৰাক-মৌচুমী ঋতুত এইটো প্ৰথম ঘূৰ্ণীবতাহ। প্ৰতিবাৰে এই সাগৰীয় ঘূৰ্ণীৰ এক নতুন নামেৰে নামাকৰণ কৰা হয়।

কিয় সৃষ্টি হয় সাগৰীয় ঘূৰ্ণী?

ব্যুৰো অৱ মেট্ৰ’লজিৰ তথ্য অনুসৰি সাগৰ পৃষ্ঠৰ উষ্ণতা ২৬.৫ ডিগ্ৰীতকৈ অধিক হ’লে ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। যেতিয়া গৰম আৰু আৰ্দ্ৰ (বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব) বতাহ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰাৰ লগে লগে তলত কম চাপৰ এটা ক্ষেত্ৰ গঠন হয়। চাৰিওফালৰ বতাহৰ পৰা নিম্ন চাপৰ ক্ষেত্ৰত চাপ বৃদ্ধি হোৱাৰ লগে লগেই ই ঘূৰ্ণীবতাহৰ ৰূপ ল’বলৈ আৰম্ভ কৰে। বিশেষকৈ ঘূৰ্ণীবতাহৰ সৃষ্টিত সমুদ্ৰপৃষ্ঠৰ উষ্ণতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.