Assamleatest updatenationalnatural disasterweather

আহি আছে ‘ৰেমল’! কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি।

ঘণ্টাত ৫০-৬০ কিঃমিঃ গতিবেগত আহিব ধুমুহা।

আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ৰেমল’। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ধুমুহাই কোবাই যাব উত্তৰ-পূবকো। ঘণ্টাত ৫০-৬০ কিঃমিঃ গতিবেগত আহিব ধুমুহা।

অসমতো পৰিব ৰেমলৰ প্ৰভাৱ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ২৭, ২৮ মে’ত অসমত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। অসমৰ ৮ খন জিলাত বতৰ বিজ্ঞানে জাৰি কৰিছে ৰেড এলাৰ্ট। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত জাৰি ৰেড এলাৰ্ট।

ইয়াৰ লগতে কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামুলপুৰ,বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি, পশ্চিম কাৰ্বি আংলং, হোজাইতো জাৰি অৰেঞ্জ এলাৰ্ট। সাম্ভাৱ্য পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সষ্টম প্ৰশাসন। ৰাজ্যবাসীক সতৰ্ক হ’বলৈ সামাজিক মাধ্যমযোগে সদৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

‘ৰেমল’ৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱাও। দুদিন ধৰি বন্ধ থাকিব ফেৰী চলাচল। দুয়োটা দিনত বন্ধ থাকিব সকলো বিভাগীয় জাহাজ। ঘূৰ্ণীবতাহ ‘ৰেমল’ক লৈ এই নিৰ্দেশ জিলা প্ৰশাসনৰ। সুৰক্ষা নিশ্চিত কৰাৰ বাবেই এই সিদ্ধান্ত প্ৰশাসনৰ। অৱশ্যে গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ বাবে নিৰ্মাণ সামগ্ৰী আৰু শ্ৰমিক কঢ়িওৱা নাওসমূহ নপৰিব এই নিৰ্দেশনাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.