অসমউৎসৱপৰ্যটনসংস্কৃতি

শৰৎ মানেই যেন এক শাৰদীয় আনন্দ

অনুপম মাজুলীৰ প্ৰকৃতিয়ে হাতবাউল দি মাতিছে দেশী-বিদেশী পৰ্যটকক

ৰাস আৰু মাজুলীৰ মাজত আছে এক এৰাব নোৱৰা সম্পৰ্ক । ৰাস বুলিলেই পোন প্ৰথমে সত্ৰপীঠ মাজুলীৰ ছবিখন সকলোৰে চকুলৈ ভাঁহি আছে । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এতিয়া মাজুলী । এই ৰাসৰ বাবে বান-বাৰিষাৰ দুৰ্যোগ, দুৰ্ভাৱনা পাহৰি পেলাই মাজুলীবাসীয়ে । অনুপম মাজুলীৰ প্ৰকৃতিয়ে হাতবাউল দি মাতিছে দেশী-বিদেশী পৰ্যটকক । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহো ।

মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হব এই ৰাস । মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱেই হৈছে এই ৰাস মহোৎসৱ । ৰাস মহোৎসৱলৈ কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ ৰাসৰ আখৰা চলিছে এতিয়া সত্ৰনগৰী মাজুলীত । মাজুলীৰ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ কৃষ্টি সংঘতো দিনৰ ভাগৰ পৰা নিশা দুপৰলৈকে এতিয়া চলিছে ৰাসৰ আখৰা । আন বছৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি এই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ কৃষ্টি সংঘত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই ৰাস । সমূহ মাজুলীবাসীৰ লগতে সমগ্র অসমবাসীক তেওঁলোকৰ এই ৰাস দৰ্শন কৰিবলৈ আমন্ত্ৰন জনাই আয়োজকসকলে । এই সন্দৰ্ভত এগৰাকী ৰাসৰ লগত জড়িত ব্যক্তিয়ে কয়, “শৰৎ মানেই যেন এক শাৰদীয় আনন্দ । কিন্তু আমাৰ মাজৰ পৰা কায়িকভাৱে জুবিন গাৰ্গৰ মহাপ্ৰয়াণ ঘটিল । তথাপিও আনুষ্ঠানিকতা ৰক্ষা কৰি বিগত বছৰবোৰৰ দৰে এইবাৰো আমাৰ ৰাসৰ আয়োজন কৰা হৈছে । গতিকে শৰতৰ এই মধুৰ ক্ষণত আমাৰ মাজুলীবাসীৰ লগতে সমগ্ৰ অসমবাসী যেন আহি আমাৰ এই শাৰদীয় উৎসৱত অংশগ্ৰহণ কৰে তাকেই কামনা কৰিছোঁ ।”

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.