অসমদৈনিক বাতৰিশিল্পীসংগীতসংস্কৃতিসাহিত্য
Trending

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ ম্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি…

আজিও অসমৰ প্ৰতিটো গীতত, প্ৰতিখন নাট্যমঞ্চত, প্ৰতিটো সাংস্কৃতিক উচ্ছ্বাসত, জীয়াই আছে জ্যোতিপ্ৰসাদ

লুইতৰ পাৰৰ পৰা আজিও যেন ভাঁহি আহে এটি সুৰ…

এটি নাম…

এটি যুগৰ স্পন্দন…”

 

আজি অসমৰ সাংস্কৃতিক আকাশত স্মৃতিৰ চাকি জ্বলোৱা দিন। আজি মৃত্যু দিৱস সেই মহান শিল্পীৰ,

যিজনে অসমক কেৱল গানেই নিদিলে,

দিছিল এক নতুন সপোন,

এক নতুন চেতনা,

এখন নতুন অসম।

 

অসমীয়া জাতিৰ ৰূপকোঁৱৰ।

যাৰ কলমত জন্ম লৈছিল স্বাধীনতাৰ গান,

যাৰ সুৰত জাগি উঠিছিল জাতিৰ আত্মা।

অসমীয়া চলচ্চিত্ৰৰ প্ৰথম জোনাক জ্বলাই, তেওঁ লিখি থৈ গৈছিল ইতিহাসৰ এক সোণালী অধ্যায়।

কিন্তু ১৯৫১ চনৰ ১৭ জুনৰ দিনটোত থমকি গৈছিল এটি যুগৰ পদচিহ্ন। শাৰীৰিকভাৱে বিদায় লৈছিল ৰূপকোঁৱৰে,

কিন্তু তেওঁৰ সপোনে কেতিয়াও মৃত্যুবৰণ নকৰিলে।

 

আজিও অসমৰ প্ৰতিটো গীতত, প্ৰতিখন নাট্যমঞ্চত, প্ৰতিটো সাংস্কৃতিক উচ্ছ্বাসত, জীয়াই আছে জ্যোতিপ্ৰসাদ।

 

যেতিয়া মানুহ এজন নিজৰ সৃষ্টিৰ মাজত চিৰজীৱী হয় তেতিয়া মৃত্যুৱেই নহয় শেষ…

জ্যোতিপ্ৰসাদ আগৰৱালা আজিও জীয়াই আছে,

অসমৰ হৃদয়ত,

অসমৰ সুৰত,

অসমৰ আত্মাত…”

 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ ম্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.