Internationalleatest updatenationalদৈনিক বাতৰিপ্ৰযুক্তিবিশ্বভাৰত

CRUDE OILৰ দাম ক’ম, ভাৰতত কিয় বাঢ়ে পেট্ৰ’লৰ দাম?

পেট্ৰ'ল-ডিজেলৰ অস্বাভাৱিক দাম বৃদ্ধিৰ পিছতেই ৰাষ্ট্ৰীয় মিডিয়াত এতিয়া এটাই চর্চা-বিশ্বৰ অন্য দেশৰ তুলনাত অতি ক'ম হাৰত ভাৰতত বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম।

পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক দাম বৃদ্ধিৰ পিছতেই ৰাষ্ট্ৰীয় মিডিয়াত এতিয়া এটাই চর্চা-বিশ্বৰ অন্য দেশৰ তুলনাত অতি ক’ম হাৰত ভাৰতত বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম। আৰু এই বিষয়টোৱেই যে আচলতে এটা গোকাট মিছা কথা, আহক সেই কথাটো সন্দৰ্ভত বিতংকৈ আলোচনা কৰো। ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত পেট্ৰ’ল ডিজেলৰ দাম বাঢ়ি ৩৩ টকাৰ পৰা ৭২ টকা পৰ্যন্ত বাঢ়িল। যিটো বৰ্দ্ধিত দাম শতকৰা হিচাপত প্ৰায় ১১৪ শতাংশ বৃদ্ধি পালে। আনহাতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ পেট্ৰ’ল ডিজেলৰ দাম ৭২ টকাৰ পৰা বাঢ়ি ৯৭ টকা হ’লগৈ। যিটো শতকৰা হিচাপত মাত্ৰ ৩৫ শতাংশ বৃদ্ধিৰ তথ্য। নিশ্চিতভাৱেই এয়া সত্য। তেনেহ’লে মিছা কথাটো কি?

২০১১ চনত ভাৰতে ১১৩ ডলাৰকৈ প্ৰতি বেৰেল Crude Oil ক্ৰয় কৰিছিল। আমাৰ দেশত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল ৬৪ টকা। ২০১১ চনত যেতিয়া চৰকাৰে Crude Oil ১১৩ ডলাৰ প্ৰতি বেৰেলত ক্ৰয় কৰিছিল সেই সময়ত আমাৰ দেশত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৬৪ টকা আছিল। আৰু যেতিয়া ইৰাণ-আমেৰিকাৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে আমাৰ চৰকাৰে প্ৰতি বেৰেল Crude Oil মাত্ৰ ৭১ ডলাৰত ক্ৰয় কৰিছিল। আৰু তেতিয়া আমাৰ দেশত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল ৯৫ টকা। আৰু এতিয়া যুদ্ধৰ সময়ত প্ৰতি বেৰেল Crude Oilৰ দাম ১০০ ডলাৰলৈ বৃদ্ধি পালে তেতিয়া চৰকাৰে পুনৰ ৩ টকাকৈ প্ৰতি লিটাৰ পেট্ৰলত দাম বৃদ্ধি কৰিলে। এতিয়া দেশত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০৩-১০৫ টকা।

এখন বিশেষ তালিকা, ২০১১-২০২৬… Crude Oilৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যৰ তুলনাত পেট্ৰ’লৰ দাম কি? সকলো জানিবলৈ এই তালিকাখনলৈ মন কৰক

তালিকা : 

1. ২০১১-১২ বৰ্ষত যেতিয়া ভাৰতে ১১৩.৫ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৬৪ টকা ৪ পইচা।

2. ২০১২-১৩ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ১০৮.১ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৬৮ টকা ১ পইচা।

3. ২০১৩-১৪ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ১০৫.৫ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৭০ টকা ৩ পইচা।

4. ২০১৪-১৫ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৮৪.১ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৬৬ টকা ৬পইচা।

5. ২০১৫-১৬ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৪৬.২ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৬১ টকা ৯ পইচা।

6. ২০১৬-১৭ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৪৭.৮ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৬৫ টকা ৯ পইচা।

7. ২০১৭-১৮ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৫৬.৮ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৬৮ টকা ৮ পইচা।

8. ২০১৮-১৯ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৬৯.৬ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৭৫ টকা ৪ পইচা।

9. ২০১৯-২০ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৬০.৬ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৭২ টকা ৭ পইচা।

10. ২০২০-২১ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৪৪.৬ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৮০ টকা ৯ পইচা।

11.২০২১-২২ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৭৮.৮ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৯৮ টকা ১ পইচা।

12. ২০২২-২৩ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৯৩.৪ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৯৭ টকা ৯পইচা।

13. ২০২৩-২৪ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৮২.৫ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৯৬ টকা ৭ পইচা।

14. ২০২৪-২৫ বৰ্ষত যেতিয়া আমাৰ চৰকাৰে ৭৮.৬ ডলাৰ মূল্যৰে প্ৰতি বেৰেল Crude Oil কিনিছিল তেতিয়া ভাৰতত প্ৰতিলিটাৰ পেট্ৰলৰ দাম আছিল ৯৪ টকা ৮ পইচা।

15. ২০২৫-২৬ বৰ্ষত ভাৰত চৰকাৰে প্ৰতি বেৰেল Crude Oil কিনিছিল ৭১.৭ ডলাৰ মূল্যৰে। ভাৰতত তেতিয়া প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৯৪.৮ টকা।

এতিয়া মন কৰিব ২০১১-১২ বৰ্ষত যেতিয়া ভাৰতে ১১৩.৫ ডলাৰ মূল্যৰে Crude Oil কিনিছিল আৰু সেই Crude Oil এতিয়া আমি ১০০ ডলাৰত প্ৰতি বেৰেলকৈ কিনো। কিন্তু তেতিয়া ভাৰত পেট্ৰলৰ দাম আছিল ৬৪ টকা। আৰু এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ দাম ১০০ টকা। আৰু ঠিক এইখিনিতেই ওলাই পৰে আমি প্ৰতিবেদনৰ আৰম্ভণিতে কোৱা গোকাট মিছা কথাটো।

এই তালিকাই দেখুৱাই দিয়া প্ৰকৃত সত্যটো ধৰিব পাৰিলে নে… সত্য এয়াই যে আজি সমগ্ৰ বিশ্বই যেতিয়া যুদ্ধৰ পৰিবেশৰ বাবে পেট্ৰলৰ বৰ্দ্ধিত দাম আদায় দি আছে। কিন্তু ভাৰতৰ নাগৰিকে যুদ্ধৰ পূৰ্বৰে পৰা কিনি আছে সস্তাত কিনি অনা পেট্ৰলৰ বৰ্দ্ধিত দামেৰে।

Crude Oil কি? – এইখিনিতে আপোনালোকক জনাই দিওঁ যে Crude Oil হৈছে Raw Material অৰ্থাৎ অসংশোধিত খনিজ পদাৰ্থ যাৰ দ্বাৰা পদাৰ্থৰে পেট্ৰ’ল তৈয়াৰ কৰা হয়। এইখিনিতে এয়াও জানি থওঁক যে ২০১৪ বৰ্ষৰ তুলনাত ২০২৬ বৰ্ষত ভাৰতে প্ৰতি বেৰেল পেট্ৰল ক্ৰয় কৰিছে ৯৬ ডলাৰত। অৰ্থাৎ Raw Material সস্তা হৈ পৰিছে কিন্তু উৎপাদিত সামগ্ৰীৰ আকাশলংঘী দাম বাঢ়িছে। আৰু দেশত পেট্ৰলৰ দামে চুইছে ১০৫ টকাৰ ঘৰ।

কিয় হৈছে এই পৰিস্থিতি…? এনে এক পৰিস্থিতি কিয় হৈছে এতিয়া ক’ম। কিয়নো ইয়াৰ আঁৰৰ সত্য আৰু ভয়াৱহ।
২০১৪ চন… মোদী চৰকাৰ আহিল পৰিবৰ্তনৰ শ্লোগান লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব চমজি ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু মোদী চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে।

২০১৪ চনতপ্ৰতি লিটাৰ পেট্ৰ’লৰ Excise Duty অর্থাৎ আবকাৰী শুল্ক আছিল ৯.৪৮ টকা। প্ৰতি লিটাৰ ডিজেলৰ Excise Duty অর্থাৎ আবকাৰী শুল্ক আছিল ৩.৫৬ টকা।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত Crude Oilৰ বজাৰ দাম হ্ৰাস পাবলৈ ধৰিলে গতিকে পেট্ৰলৰ দাম কমিব লাগিছিল। কিন্তু মোদী চৰকাৰে সেয়া নকৰি পেট্ৰলৰ Excise ডিউটি বঢ়াই দিলে। পেট্ৰলৰ বৰ্ধিত Excise Duty বঢ়াই দিয়া হ’ল ১১ টকা প্ৰতি লিটাৰত।

২০২০ বৰ্ষ… সমগ্ৰ বিশ্ব ক’ভিড মহামাৰীত আক্ৰান্ত তেতিয়াও আন্তঃৰাষ্ট্ৰীয় বজাৰত Crude Oilৰ দাম তীব্ৰ গতিত হ্ৰাস পালে।

২০২০ বৰ্ষত প্ৰতি বেৰেল Crude Oilৰ দাম ৬৯ টকালৈ হ্ৰাস পালে।

হ’ব কি লাগিছিল… হ’ব লাগিছিল ভাৰতীয় নাগৰীকেও ৬৯ শতাংশ ৰেহাই মূল্যত পেট্ৰল কিনিব পাৰিব লাগিছিল। কিন্তু …

৬ মে’, ২০২০ চন পেট্ৰ’লৰ Excise Duty অর্থাৎ আবকাৰী শুল্ক পুনৰ বৃদ্ধি কৰিলে। এইবাৰ পেট্ৰ’লৰ…

পেট্ৰ’লৰ Excise Duty অর্থাৎ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ বৃদ্ধি কৰা হ’ল…
ডিজেলৰ Excise Duty অর্থাৎ আবকাৰী শুল্ক বৃদ্ধি কৰিলে ১৩ টকাকৈ…

যদিহে চৰকাৰে এই Excise Duty বৃদ্ধি নকৰিলে হয়, তেনেহ’লে দেশৰ জনতাই সেই সময়ত হয়তো প্ৰতি লিটাৰ পেট্ৰল ৪০ টকাকৈ লাভ কৰিলেহেতেন। চৰকাৰে সুলভ মূল্যৰ সুবিধা জনতাক ল’বলৈ নিদিলে। বৰং Excise Duty বৃদ্ধি কৰি ৩২ টকা ৯৮ পইচালৈ বৃদ্ধি কৰিলে। তাৰপিছত আহিল ৰাছিয়া-ইউক্ৰেইন যুদ্ধ… Crude Oilৰ দাম বৃদ্ধিৰ নামত আকৌ এবাৰ জনতাৰ মূৰত মাধমাৰ সোধালে। ২০২২ বৰ্ষত Crude Oilৰ Excise Duty বৃদ্ধি কৰাৰ ফলত ৫ টকা ৬০ পইচা পৰ্যন্ত বাঢ়িল পেট্ৰলৰ দাম। আৰু তাৰ পিছৰ বৰ্ষ অৰ্থাৎ ২০২৩ চনত যেতিয়া Crude Oilৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত আকৌ নিম্নগামী হ’ল তেতিয়াজানো জনতাক সুলভ মূল্যৰ পেট্ৰলৰ সুবিধা জনতাই পালে?… উত্তৰ-নাপালে।

অৰ্থাৎ সকলো কৰ, মূল্যবৃদ্ধিৰ সকলো বোজা জনতাৰ কান্ধত তুলি দিয়া হ’ল। আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত Crude Oilৰ দাম নিম্নগামী হয় অৰ্থাৎ সহজভাৱে ক’বলৈ গ’লে Crude Oilৰ ভাল দিন আহে তেতিয়া সকলো মুনাফা চৰকাৰে কাঢ়ি লৈ যায়। এই কথাখিনিৰ মাজৰ

‘Cherry On The Top’…

কি জানেনে সেয়া হ’ল আজি জনতাই যি পেট্ৰ’ল ব্যৱহাৰ কৰে সেয়া সম্পূৰ্ণ বিশুদ্ধ পেট্ৰ’ল নহয়েই। আজিৰ পেট্ৰ’ল E 20 অৰ্থাৎ পেট্ৰ’লত ২০ শতাংশ পেট্ৰ’ল মিহলি কৰা হওঁ। অতি শীঘ্ৰেই দেশত ব্যৱহাৰ হ’ব E30 পেট্ৰ’ল। অৰ্থাৎ ব্যৱহাৰ কৰা পেট্ৰ’লত ৭০ শতাংশ পেট্ৰ’ল থাকিব ৩০ শতাংশ থাকিব ইথানল। অৰ্থাৎ সহজ কথাত ক’বলৈ গ’লে ই মিহলি পেট্ৰ’ল।

ইথানলৰ পাইকাৰী বজাৰ মূল্য প্ৰায় ৬০-৬৫ টকা…

মন কৰিব…

ইথানল পেট্ৰ’লতকৈ ২০ শতাংশ ক’ম মূল্যত পোৱা যায়

গতিকে স্বাভাৱিকতে ইথানল মিহলি পেট্ৰ’ল জনতাই ক’ম দামত পাব লাগিছিল। কিন্তু পালে জানো… উত্তৰ হয়তো মই আপোনালোকক নক’লেও হ’ব। এই সুলভ মূল্যৰ সুবিধাও চৰকাৰে জনতাক নিদিলে। এবাৰ ভাবি চাব পেট্ৰ’লত ইথানল মিহলিৰ বাবে আটাইতকৈ বেছি লাভ কাৰ হৈছে? সেয়াও হয়তো আমি আপোনালোকক নকলেও হ’ব।

সকলোৰে শেষত এটা ডাঙৰ প্ৰশ্নবোধক ৰৈ যায়…

Crude Oilৰ বৰ্ধিত Excise Duty অর্থাৎ আবকাৰী শুল্কৰে জনতাৰ পৰা আহৰণ কৰা কৰৰ ধনবোৰ ক’লৈ গ’ল?
সেই ধনেৰে দেশৰ বাবে কি কাম হ’ল?

Crude Oilত কি-কি কৰ আৰোপ কৰা হয়…

অসংশোধিত তেল অৰ্থাৎ Crude Oil আমদানিৰ ওপৰত যদি Basic Customs Duty বা অন্য শুল্ক আৰোপ কৰা হয়, সেই ধন ভাৰতৰ সংহত পুঁজি অৰ্থাৎ Consolidated Fund of India-ত জমা হয়। এই পুঁজিৰ পৰা চৰকাৰে খৰচ কৰে

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি নিৰ্মাণ
ৰে’ল, বিমানবন্দৰ, বন্দৰ উন্নয়ন
সেনা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত খৰচ
শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন
কৃষি আৰু কল্যাণমূলক আঁচনি
কেন্দ্ৰীয় চৰকাৰৰ দৈনন্দিন ব্যয়

আপুনি বাৰু এনেবোৰ শিতানত উন্নয়ন দেখিছেনে? আমাৰ কমেণ্ট বক্সত আপোনাৰ উত্তৰ নিশ্চিতভাৱে জনাব। আৰু এই সকলোবোৰ কাৰণতে প্ৰতিবেদনৰ আৰম্ভণিতে আমি কৈছিলোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলি থকা পেট্ৰ’লৰ দামৰ সেই বিশেষ চৰ্চাৰ কথা। কিয়নো এবাৰ ভাৱক CRUDE OILৰ বজাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য হ্ৰাস হোৱাৰ সময়ছোৱাত ভাৰত চৰকাৰে যদিহে বৰ্ধিত Excise Duty অর্থাৎ আবকাৰী শুল্ক আৰোপ নকৰিলে হয়, তেনেহলে সামগ্ৰীৰ পৰিৱহণ খৰচৰ মাত্ৰা হ্ৰাস পালেহেতেন… যাৰ ফলত প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বোজা নপৰিলেহেতেন জনতাৰ মূৰত।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.