অসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়চিত্ৰকলাদৈনিক বাতৰিবিশ্বমাজুলীসংস্কৃতি
Trending

লণ্ডনৰ বুকুত প্ৰতিধ্বনিত হ’ল সত্ৰীয়া সংস্কৃতিৰ গৌৰৱগাঁথা

বিশ্বৰ ইতিহাসৰ হেজাৰ বিৰল সমল বুকুত সাৱটি ৰখা ​লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামে সংৰক্ষণ কৰি ৰাখিছে অসমীয়া জাতীয় জীৱনৰ অন্য়তম অমূল্য সম্পদবিধ। পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদত বাজি উঠিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ ধ্বনি। ১৭ জুনত ব্ৰিটিছ সংসদত ভাষণ প্ৰদান কৰিব সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।

অসম, মাজুলীঃ

ইতিহাসৰ এক অপূৰ্ব আৰু আৱেগিক মুহূৰ্ত। লণ্ডনৰ বুকুত প্ৰতিধ্বনিত হ’ল সত্ৰীয়া সংস্কৃতিৰ গৌৰৱগাঁথা। শতাব্দীৰ সিপাৰে ব্ৰহ্মপুত্ৰৰ পাৰত জ্বলি উঠা এক আধ্যাত্মিক জ্যোতিয়ে আজিও আলোকিত কৰি আছে বিশ্বৰ দূৰ-দূৰণি। বিশ্বৰ হেজাৰ বিৰল সম্পদৰ মাজত নীৰৱে দীপ্তিমান হৈ আছে অসমৰ আত্মাৰ এক অমূল্য অধ্যায় ‘বৃন্দাৱনী বস্ত্ৰ।’

লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত ‘বৃন্দাৱনী বস্ত্ৰ’ দৰ্শন কৰিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। বিশ্বৰ ইতিহাসৰ হেজাৰ বিৰল সমল বুকুত সাৱটি ৰখা ​এই মিউজিয়ামে সংৰক্ষণ কৰি ৰাখিছে অসমীয়া জাতীয় জীৱনৰ অন্য়তম অমূল্য সম্পদবিধ। এই ঐতিহাসিক সম্পদবিধ সমুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ ব্ৰিটিছ মিউজিয়ামত উপস্থিত হয় শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী।

ষোড়শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰত্যক্ষ তত্ত্বাৱধানত সৃষ্ট তাঁতৰ সূতাৰে লিখা যেন এক আধ্যাত্মিক মহাকাব্য ‘বৃন্দাৱনী বস্ত্ৰ’। য’ত ৰঙে কয় কৃষ্ণলীলাৰ কথা। য’ত বস্ত্ৰৰ প্ৰতিটো আঁচোৰত জীয়াই থাকে বৈকুণ্ঠৰ সৌন্দৰ্য্য। সেই ‘বৃন্দাৱনী বস্ত্ৰ’ এতিয়া শোভিত হৈছে লণ্ডনৰ বুকুত। কাঁচৰ আৱৰণৰ সিপাৰে থকা বস্ত্ৰভাগলৈ চালে যেন আজিও সজীৱ হৈ উঠে গুৰুজনাৰ সেই পবিত্ৰ স্পৰ্শ।

মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ড০ জয়ন্ত বিশ্ব শৰ্মা আৰু প্ৰবাসী অসমীয়া চিনু কিশোৰৰ সৈতে ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাৱনী বস্ত্ৰ দৰ্শন কৰি আপ্লুত হৈ পৰে সত্ৰাধিকাৰগৰাকী। লণ্ডনৰ মাটিত বৃন্দাৱনী বস্ত্ৰক সন্মূখৰ পৰা দৰ্শন কৰি আৱেগিক হৈ পৰে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী। কিয়নো, এই বস্ত্ৰ কেৱল কাপোৰ নহয়, ই হ’ল অসমীয়াৰ প্ৰাণ, ​গুৰুজনাৰ অম্লান, সৃষ্টি প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন।

পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদত বাজি উঠিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ ধ্বনি। ১৭ জুনত ব্ৰিটিছ সংসদত ভাষণ প্ৰদান কৰিব সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ ব্ৰিটিছ সংসদৰ কমিটি কক্ষ ১৫ত অনুষ্ঠিত হ’ব “অসমৰ বৈষ্ণৱীয় সংস্কৃতি” শীৰ্ষক এক গুৰুত্বপূর্ণ অনুষ্ঠান। সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত পোন-প্ৰথমবাৰৰ বাবে অসমৰ সত্ৰীয়া সমাজৰ পৰা এগৰাকী উদাসীন সত্ৰৰ সত্ৰাধিকাৰে ব্ৰিটিছ সংসদত ভাষণ প্ৰদান কৰিব। সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি অসমৰ সমৃদ্ধ সত্ৰীয়া সংস্কৃতি বিশ্বমঞ্চত উপস্থাপন কৰিব।

উল্লেখযোগ্য় যে বৃটিছ মিউজিয়ামৰ শীৰ্ষ বিষয়া, বৃটিছ চৰকাৰক সত্ৰাধিকাৰগৰাকীয়ে বিলালে মাজুলীৰ সত্ৰৰ পৰা নিয়া মিঠৈ। যিয়ে দাঙি ধৰিলে অসমীয়াৰ আতিথ্য আৰু সংস্কৃতিৰ স্নেহময় পৰিচয়।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.