leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশ
মহানগৰীৰ ৱিভিন্ন স্থানত আৰম্ভ হৈছে ভূমিস্খলনৰ ভয়াৱহতা।
মহানগৰীৰ ৩৬৬টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত
![মহানগৰীৰ ৱিভিন্ন স্থানত আৰম্ভ হৈছে ভূমিস্খলনৰ ভয়াৱহতা। মহানগৰীৰ ৱিভিন্ন স্থানত আৰম্ভ হৈছে ভূমিস্খলনৰ ভয়াৱহতা।](https://prathamkhabartv.com/wp-content/uploads/2023/06/Ghy-land-780x470.jpg)
প্ৰৱল বৃষ্টিপাতৰ মাজত এইবাৰ গুৱাহাটী মহানগৰীৰ ৱিভিন্ন স্থানত আৰম্ভ হৈছে ভূমিস্খলনৰ ভয়াৱহতা। কামাখ্যাৰ দুৰ্গা সৰোবৰ অঞ্চলত অঞ্চলটোৰ মূল পথটোৰ একাংশ খহি পৰে। পথটোৰ নামনিত কেইবাটাও বাসগৃহ আছিল যদিও কোনোমতে ৰক্ষা পৰে অঘটনৰ পৰা।
মহানগৰীৰ খাৰঘূলিতো সোমবাৰে সংঘটিত হয় আন এক ভূমিস্খলনৰ ঘটনা। ইফালে, চিৰিয়াখানাৰ সমীপত খহি পৰে এখন গাৰ্ডৱাল। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ৩৬৬টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰি ইতিপূৰ্ৱে জনতাক সতৰ্ক কৰি দিছে জিলা প্ৰশাসনে।