অসমদৈনিক বাতৰিস্বাস্থ্য

মকৰাই কামোৰাৰ ফলত হ’ব পাৰে ভয়ংকৰ পৰিস্থিতি, কি কৰিব মকৰাই কামুৰিলে?

বিষাক্ত মকৰাই দংশন কৰিলে ভয়াৱহ সমস্যাত পৰিব পাৰে আপুনি। তেনে এক ঘটনা সংঘটিত হ’ল ডিমৌত।

সাধাৰণতে মন নকৰা কিছু ঘটনাই ভয়ংকৰ পৰিস্থিতিৰ ফালে লৈ যাব পাৰে আপোনাক। দৈনন্দিন কাম-কাজৰ মাজতে সৰু সৰু ঘটনাযেন লগা কিছু ঘটনাই বিপদ মাতি আনিব পাৰে আপোনালৈ। তেনে এক ঘটনা হ’ল মকৰাৰ দংশন।
বিষাক্ত মকৰাই দংশন কৰিলে ভয়াৱহ সমস্যাত পৰিব পাৰে আপুনি। তেনে এক ঘটনা সংঘটিত হ’ল ডিমৌত। ডিমৌ আদৰ্শ আৰু সামূহিক চিকিৎসালয়( Demow Model Hospital )ত চিকিৎসাধীন অৱস্থাত আছে বিষাক্ত ক’লা ভালুকী মকৰাই দংশন কৰা দুই পুৰুষ-মহিলা ৷

সৰ্প দংশনৰ বিশেষজ্ঞ সুৰজিৎ গিৰিয়ে চিকিৎসা প্ৰদান কৰি আছে পুৰুষ-মহিলাদ্বয়ক। বিষাক্ত মকৰাৰ দংশনৰ ফলত টিয়কৰ ব্যক্তিজনৰ সোঁ হাতখনৰ কনিষ্ঠ আঙুলিটো সমূলি নষ্ট হৈ পৰিছে। তদুপৰি লোকজনৰ বাউসিলৈকে হাতখন সংক্ৰমণৰ কৱলত পৰিছে ৷

ডাঃ গিৰিয়ে জনোৱা অনুসৰি অতি বিষাক্ত ক’লা মকৰাবিধে হাত বা ভৰিৰ আঙুলিৰ কাষত দংশন কৰিলে জটিল সমস্যাত পৰিব পাৰে আক্ৰান্ত ব্যক্তিজন৷ অক্সিজেন চলাচলত বাধা দিয়া বিষাক্ত মকৰাৰ বিষক্ৰিয়াৰ ফলত অকামিলা হৈ পৰিব পাৰে হাত আৰু ভৰিৰ আঙুলি৷ এনে মকৰাই দংশন কৰিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপিবলৈ আহ্বান জনায় চিকিৎসকজনে৷

এনে মকৰাই দংশন কৰাৰ পিছত বহু পলমকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত পলমকৈ চিকিৎসাধীন হোৱা কেইবাজনো ব্যক্তিয়ে হাতৰ আঙুলি চিৰদিনলৈ হেৰুৱাবলগীয়া হোৱাৰ বুলি উল্লেখ কৰে ডাঃ সুৰজিৎ গিৰিয়ে। চিকিৎসালয়খনত বিষাক্ত মকৰাৰ বিষৰ প্ৰতিষেধক হিচাপে এটা ককটেইল বেজী ব্যৱহাৰ কৰি থকা বুলি জানিবলৈ দিয়ে চিকিৎসক ডাঃ গিৰিয়ে।
মকৰাই কামুৰিলে কি কৰিব?

চিকিৎসকজনে লগতে কিছু পৰামৰ্শ আগবঢ়ায় জনসাধাৰণৰ প্ৰতি (Spider bite first aid) । মকৰাই দংশন কৰাৰ লগেলগে চাবোনৰ পানীৰে ভালদৰে নিৰ্দিষ্ট এলেকাটো পৰিস্কাৰ কৰিব লাগে। বিষ অনুভৱ কৰিলে বৰফ লগোৱাৰ উপদেশ দিয়ে চিকিৎসকজনে (Home treatment for spider bite) । বৰফ লগোৱাৰ ফলত উক্তস্থানলৈ অক্সিজেনৰ চলাচল সুচাৰুৰূপে হ’ব বুলি মন্তব্য চিকিৎসক সুৰজিৎ গিৰিৰ (What to do after spider bite) ।

 

মকৰাৰ দংশনৰ ফলত কি হ’ব পাৰে?

চিকিৎসক সুৰজিৎ গিৰিয়ে জনোৱা অনুসৰি মকৰাই কামুৰি অত্যন্ত বিষ অনুভৱ কৰিব পাৰে। তদুপৰি দংশন কৰা স্থান ফুলি উঠাৰ লগতে ক’লা পৰি যাব পাৰে। সংক্ৰমণ বৃদ্ধি পাই কিডনীপৰ্যন্ত পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বিশেষজ্ঞ চিকিৎসকজনে। সেয়ে যিকোনো মকৰাই দংশন কৰিলে আওকাণ নকৰিবলৈ আহ্বান জনায় চিকিৎসক সুৰজিৎ গিৰিয়ে।
উল্লেখ্য যে মকৰাৰ বিষৰ গৱেষণা এতিয়াও চালুকীয়া অৱস্থাতে আছে (Spider bite treatment) । যাৰ ফলত ডিমৌ আদৰ্শ আৰু সামূহিক চিকিৎসালয়তে ১০গৰাকী ৰোগীৰ আঙুলি কাটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.