Assamleatest updateSocial

নতুন দিল্লীত চূড়ান্ত অপমান পদ্মশ্ৰী বটাঁপ্ৰাপক অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক।

খোদ প্ৰধানমন্ত্ৰী উপস্থিত থকা অনুষ্ঠানতে উপেক্ষিত হৈ ৰ’ল গুৰুজনাৰ সৃষ্টিৰাজীৰ বস্ত্ৰলিপি।

নতুন দিল্লীত চূড়ান্ত অপমান পদ্মশ্ৰী বটাঁপ্ৰাপক অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক। খোদ প্ৰধানমন্ত্ৰী উপস্থিত থকা অনুষ্ঠানতে উপেক্ষিত হৈ ৰ’ল গুৰুজনাৰ সৃষ্টিৰাজীৰ বস্ত্ৰলিপি।

৭ আগষ্টত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ অনুষ্ঠানত এই ঘটনা। নিমন্ত্ৰণী পত্ৰত স্পষ্টকৈ লিখা আছিল পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজীক কৰা হ’ব প্ৰদৰ্শন। কিন্তু প্ৰদৰ্শনীৰ সুযোগ নাপালে গুৰুজনাৰ অমৰ সৃষ্টিৰাজীৰ গুণমালা আৰু ভাগৱত গীতাৰ বস্ত্ৰলিপি।

ইয়াতে প্ৰশ্ন হয় নিমন্ত্ৰণ কৰি নিয়াৰ পিছতো কিয় হ’ল উপেক্ষিত। এতিয়া ক্ষুদ্ধ আৰু মৰ্মাহত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া। সমগ্ৰ কাণ্ডত এতি ক্ষোভিত হৈ পৰিছে চুতীয়া জাতি যুৱ সন্মিলন। মুখ্যমন্ত্ৰীৰ সস্তক্ষেপ বিচাৰিছে চুতীয়া জাতি যুৱ সন্মিলনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.