খেলবিশ্ব
Trending

৯০ মিনিটত সুদীৰ্ঘ ১৪ বছৰৰ সংগ্ৰাম…

এজন সাধাৰণ ৪০ বছৰীয়া গ’লকীপাৰৰ কাহিনী এয়া নহয়, এই কাহিনী সুদীৰ্ঘ ১৪ বছৰীয়া এখন যুঁজৰ

ভোজিনিয়াৰ জনপ্ৰিয়তা আকাশচুম্বী

প্ৰকৃত নাম জোচিমাৰ জোছে এভোৰা ডিয়াছ। ভোজিনিয়া নামেৰেই অধিক পৰিচিত কেপ ভাৰ্ডিৰ গ’লকীপাৰ। ৪০ বছৰীয়া ভোজিনিয়াই যোৱা নিশা বিশ্বৰ দ্বিতীয় স্থানৰ স্পেইনৰ সন্মুখত এখন প্ৰাচীৰ হিচাপেই থিয় দিলে। পৰ্তুগালৰ দ্বিতীয় ডিভিজন লিগৰ ক্লাব চাভেছত খেলে অখ্যাত ভোজিনিয়াই । কালি বিশ্বকাপৰ বিগ মেচত অন্ততঃ সাতবাৰকৈ নিশ্চিত গ’লৰ পৰা নিজ দলক ৰক্ষা কৰে জীৱন যুদ্ধত বিধ্বস্ত ভোজিনিয়াই। তেওঁৰ আত্মবিশ্বাস আৰু ক্ষিপ্ৰ ৰিফ্লেক্সে বাৰে বাৰে হতাশ কৰিলে স্পেইনৰ বিশ্বত্ৰাস ষ্ট্ৰাইকাৰক। সন্দেহ নাই,  এই বিশ্বকাপত এতিয়ালৈকে হোৱা মেচত অন্যতম শ্ৰেষ্ঠ গোলৰক্ষক হিচাপে আত্মপ্ৰকাশ কৰিলে ভোজিনিয়াই।

পূৰ্বৰ বিশ্বজয়ী আৰ সাম্প্ৰতিক ইউৰো চেম্পিয়ন স্পেইনক প্ৰায় অকলে স্তব্ধ কৰি বিশ্বকাপ ফুটবলৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেপ ভাৰ্ডিৰ এই গোলৰক্ষক। ৪০ বছৰীয়া ভোজিনিয়াক লৈ এতিয়া সমগ্ৰ ফুটবল বিশ্বত আৰম্ভ হৈছে ব্যাপক চৰ্চা।

প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিলেও তেওঁৰ মন কিন্তু বিষাদগ্ৰস্ত। ফুটবলাৰ হিচাপে বিশ্বকাপ খেলাৰ সপোন পূৰণ হ’লেও মাকৰ আশা পূৰণ কৰিব নোৱাৰিলে ভোজিনিয়াই। বিশ্বকাপ চাবলৈ আহিব বিচাৰিছিল তেওঁৰ মাকে। পৰিয়ালৰ আন কেইবাজনো সদস্যই গেলেৰীত বহি তেওঁৰ খেল চোৱাৰ আশা কৰিছিল। কিন্তু পৰ্তুগালৰ দ্বিতীয় ডিভিজনত খেলা এই ভোজিনিয়াই সেই আশা পূৰণ কৰিব নোৱাৰিলে। কাৰণ-  আমেৰিকাৰ কঠোৰ  ভিছা নীতি আৰু তেওঁৰ দাৰিদ্ৰ। স্পেইনৰ বিৰুদ্ধে জীৱনৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ পাছতো সেয়ে চকুপানী ধৰি ৰাখিব নোৱাৰিলে তেওঁ। সেই অশ্ৰুত মিহলি হৈ আছিল আনন্দ, উল্লাস আৰু সমানেই আক্ষেপ আৰু হতাশা।

মেচৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভোজিনিয়াই কয়,  “মেচ শেষ হোৱাৰ পাছত মই চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। সৰুৰে পৰা মা- দেউতা-আইতাৰ ওচৰত ডাঙৰ হৈছোঁ। তেওঁলোক সদায় মোক আলাসত ৰাখিছিল। অথচ জীৱনৰ এনে এটা মুহূৰ্তত তেওঁলোক মোৰ লগত নাই। ভিছাৰ নোপোৱাৰ বাবে মাও আহিব নোৱাৰিলে। পৰিয়ালৰ সকলোৰে ভিছাৰ বাবে যিমান টকা বিচৰা হৈছিল, সেয়া মোৰ পক্ষে জোগাৰ কৰা সম্ভৱ নাছিল।”

স্পেইনৰ বিৰুদ্ধে এই অসাধাৰণ প্ৰদৰ্শনৰ পাছত এতিয়া ভোজিনিয়াৰ জনপ্ৰিয়তা আকাশচুম্বী । সমাজমাধ্যমত কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ অনুসৰণকাৰীৰ সংখ্যা ৩০ লাখ বৃদ্ধি পাইছে। সোমবাৰলৈকে কেপ ভাৰ্ডিৰ ফুটবলপ্ৰেমীৰ বাহিৰে যাৰ নাম প্ৰায় কোনেও নাজানিছিল, তেৱেঁই এতিয়া ৰাতিটোৰ ভিতৰতে বিশ্বজোৰা পৰিচিত নাম। ছ’চিয়েল মিডিয়াত ৫০ হাজাৰৰ পৰা বৃদ্ধি পাই তেওঁৰ ফল’ৱাৰ্ছৰ সংখ্যা এতিয়া ৫১ লাখ অতিক্ৰম কৰিছে। অনস্বীকাৰ্য, মাত্ৰ ৯০ মিনিটৰ এখন মেচে সলনি কৰি দিলে তেওঁৰ জীৱন।

কেপ ভাৰ্ডিৰ মিন্ডেলোত জন্মগ্ৰহণ কৰা এই ফুটবলাৰজনে সৰুৰে পৰা সপোন দেখিছিল এদিন বিশ্বকাপ খেলাৰ। অৱশ্যে সেই সপোন  বাস্তৱ হ’ব বুলি কেতিয়াও ভবা নাছিল। ফুটবল জীৱনৰ প্ৰায় অন্তিম পৰ্যায়ত আহি বিশ্বকাপত অভিষেক ঘটিল এই অখ্যাত দেশৰ স্বল্পখ্যাত ফুটবলাৰজনৰ। মলডোভা, ৰোমানিয়া, চাইপ্ৰাছ আৰু পৰ্তুগালৰ বিভিন্ন ক্লাবত খেলিছে তেওঁ। ২০১২ চনৰ পৰা দেশক প্ৰতিনিধিত্ব কৰি অহা ভোজিনিয়া অৱশ্যেই দলটোৰ অন্যতম অভিজ্ঞ সদস্য।

বিশ্বকাপৰ প্ৰথমখন মেচতেই নায়ক হৈ পৰা ভোজিনিয়াই লাভ কৰিছৈ ফিফাৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। কোৱা বাহুল্য মাথোঁ, সমগ্ৰ মেচত মাত্ৰ এবাৰহে পৰাস্ত হৈছিল তেওঁ, যেতিয়া ফেৰান টোৰেছৰ এটা শ্বট বাৰত খুন্দা মাৰিছিল। ইয়াৰ বাহিৰে গোটেই মেচজুৰি বিশ্বৰ শ্ৰেষ্ঠতম ফৰৱাৰ্ডৰ সবাটোকৈ আক্ৰমণাত্মক ষ্ট্ৰাইকাৰ-সমৃদ্ধ স্পেইনৰ বিৰুদ্ধে প্ৰায় অদম্য হৈ আছিল ভোজিনিয়া।

বিশ্বকাপ ইতিহাসত দ্বিতীয় সৰ্বাধিক বয়সত অভিষেক ঘটা ফুটবলাৰ হিচাপে অভিলেখ বহীত নাম লিখিলে  তেওঁ। ২০১৮ চনৰ বিশ্বকাপত ৪৫ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিছিল মিচৰৰ গ’লৰক্ষক এছাম এল হাডেৰীয়ে । দেশৰ হৈ ৯০খন মেচ খেলা ভোজিনিয়া এতিয়া সেই তালিকাৰ দ্বিতীয় স্থানত আছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.