বিশ্ব

যুগ-যুগান্তৰ ধৰি মাতৃৰ স্থান সৰ্বদা শিখৰত

'মা' - এটা শব্দতেই লুকাই থাকে মৰম, স্নেহ, ত্যাগ আৰু অসীম সাহসৰ গল্প

‘কোনে মোক তুলি তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ
কৰিছিল স্নেহ দুগালত চুমা খাই
তেৱেঁ মোৰ পূজনীয়া মৰমৰ আই’

কি নামেৰে মাতিব ? আই, মাতৃ, মা, জননী যি নামেৰেই নামাতক কিয়…. মমতাময়ী মাতৃক আউকান কৰি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয়া পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈ থকা সৃষ্টিৰ ধাৰা। গৰ্ভত স্থিতি লোৱা ক্ষণৰে পৰা মৃত্যুৰ শেষ উশাহকণলৈকে বটবৃক্ষসদৃশ ছাঁ প্ৰদান কৰে প্ৰতিগৰাকী মাতৃয়ে। আউসী ৰাতিসম জীৱন আন্ধাৰতো মমতাময়ী মাতৃয়ে জোনৰ দৰে উজ্বলাই ৰাখে সন্তানক।

আজি মাতৃ দিৱস।
ধুনীয়া ধৰণীত কটোৱা প্ৰতিটো ক্ষণ মাতৃৰ বাবে উৎসৰ্গিত যদিও সুকীয়াকৈ এটি বিশেষ দিন হিচাপে প্ৰতিবছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰটো আন্তৰ্জাতিক মাতৃ দিৱস হিচাপে পালন কৰা হয়।
আমেৰিকাৰ এগৰাকী নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আন্না জাৰ্ভিছৰ মাকৰ মৃত্যুৰ পাছত যৌথ পৰিয়ালত বসবাস কৰা সত্ত্বেও আন্নাই মাতৃৰ অবর্তমানত অকলশৰীয়া অনুভৱ কৰিছিল। আন্নাই আনকি সেই সময়ৰ আমেৰিকাৰ বহুসংখ্যক পৰিয়ালতো মাতৃস্নেহৰ পৰা বঞ্চিত দুৰ্ভগীয়া ছোৱালীবোৰৰ নিঃসংগতাৰ ছবিখন দেখি বাৰুকৈয়ে ব্যথিত হৈ পৰিছিল। আন্নাই এনে নিদাৰুণ পৰিৱেশৰ অন্ত পেলোৱাৰ উদ্দেশে, বিশেষকৈ পৃথিৱীৰ মাতৃসকলক শ্রদ্ধা জনোৱাৰ উদ্দেশে ১৯১২ চনত ‘ছেকেণ্ড ছানডে ইন মে” আৰু ‘মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’ছিয়েশ্যন’ গঠন কৰে। আন্না জার্ভিছৰ এনে প্রচেষ্টাৰ ফলস্বৰূপে ১৯১৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি অ’ড্র’ উইলছনে সংসদত এই সন্দৰ্ভত এখন আইন পাছ কৰে আৰু ঘোষিত হয় যে প্রত্যেক বছৰৰ মে’ মাহৰ দ্বিতীয় দেওবাৰটো মাতৃসকলক সন্মান জনোৱাৰ বাবে মাতৃ দিৱস হিচাপে পালন কৰা হ’ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰি ভাৰত, নিউজিলেণ্ড আৰু কানাডাকে ধৰি পৃথিৱীৰ বহু দেশত উপৰিউক্ত দিনটোত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰি অহা হৈছে।

যুগ-যুগান্তৰ ধৰি মাতৃৰ স্থান সৰ্বদা শিখৰত ।
ভগৱান ৰামে পিতৃৰ আজ্ঞা পালন কৰি যদিও বনবাসলৈ গৈছিল তথাপিও পৰোক্ষভাৱে সেয়া মাতৃৰ আজ্ঞা আছিল। কুন্তীৰ আজ্ঞা পালন কৰিয়েই পঞ্চম পাণ্ডৱে দ্ৰৌপদীক বিবাহ কৰাইছিল। নেপোলিয়নে বোনাপাৰ্টে কৈছিল, “মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম।”

‘মা’ – এটা শব্দতেই লুকাই থাকে মৰম, স্নেহ, ত্যাগ আৰু অসীম সাহসৰ গল্প।
সন্তানৰ মুখত হাঁহি ফুটাবলৈ নিজৰ সুখকো বিসৰ্জন দিয়া প্ৰতিগৰাকী মাতৃ সমাজৰ ধ্বজাবাহক। প্ৰযুক্তিৰ যুগত ব্যস্ততা বৃদ্ধি পালেও মাতৃ-পুত্ৰৰ মৰমৰ বিকল্প নাই। মাৰ কোলা বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সুকোমল বিচনা। মাতৃৰ দুগ্ধ পৃথিৱীৰ সৰ্বোত্তম অমৃত। কেৱল এটা দিনৰ উদযাপনেই নহয় মাতৃ দিৱস। প্ৰতিটো দিনতেই হওঁক মাতৃক সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ দিন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.