Assamleatest updateSocial Network

COUNTDOWN আৰম্ভ। অৱতৰণৰ বাবে সাজু লেণ্ডাৰ বিক্ৰম।

সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি নিবদ্ধ ভাৰতৰ ওপৰত।

COUNTDOWN আৰম্ভ। মাজত মাত্ৰ কেইটামান মুহূৰ্ত। আহি আছে সেই মাহেন্দ্ৰ ক্ষণ, যি ক্ষণত পৃথিৱীত এক নতুন ইতিহাস ৰচনাৰ দিশে আগবাঢ়িছে ভাৰত। চন্দ্ৰপৃষ্ঠৰ নিচেই কাষত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মানস সন্তান চন্দ্ৰযান-3। আজি সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণৰ বাবে সাজু লেণ্ডাৰ বিক্ৰম। বিয়লি প্ৰায় ৫ বাজি ২০ মিনিটৰ পৰা আৰম্ভ হ’ব লেণ্ডিং প্ৰক্ৰিয়া। লেণ্ডাৰ বিক্ৰমৰ পৰা চন্দ্ৰপৃষ্ঠত খোজ পেলাব ৬ চকাযুক্ত ৰ’ভাৰ প্ৰজ্ঞানে। ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ সংগ্ৰহ কৰাৰ লগতে সংগ্ৰহ কৰিব বহু নমুনা।

চন্দ্ৰযান অৱতৰণৰ লাইভ দৃশ্য প্ৰত্যক বিদ্যালয়তে প্ৰত্যক্ষ কৰোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে চৰকাৰীভাৱে। সন্ধিয়া ৫বাজি ২০ মিনিটৰ পৰা চন্দ্ৰযান অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব ISROএ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰ অভিযান সফল হোৱাৰ কামনাৰে দেশৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে আয়োজন কৰিছে পূজা-অৰ্চনাৰ মাংগলিক অনুষ্ঠান। ইফালে আজি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলা থাকিব সন্ধিয়া ৬ বজালৈকে।

ISROৰ ৱেবচাইটত উপলব্ধ হ’ব এই সম্প্ৰচাৰ। দূৰদৰ্শনযোগেও সম্প্ৰচাৰ কৰা হ’ব চন্দ্ৰযান অৱতৰণৰ ঐতিহাসিক মূহূৰ্তৰ দৃশ্য। সম্প্ৰতি সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি নিবদ্ধ ভাৰতৰ ওপৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.