অসমগুৱাহাটীপৰ্যটনবিশ্বভাৰত
Trending

গুৱাহাটীৰ বিমানবন্দৰক বিশ্বৰ সুন্দৰতম বিমানবন্দৰ স্বীকৃতি

অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত .. বিশ্বমঞ্চত উজলি উঠিল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ

অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত .. বিশ্বমঞ্চত উজলি উঠিল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (LGBI Airport)। ২০২৬ চনৰ ‘Prix Versailles’ তালিকাত স্থান বৰঝাৰ বিমানবন্দৰ । এই তালিকাত অন্তৰ্ভুক্ত হৈ বিমানবন্দৰটোৱে বিশ্বৰ সুন্দৰতম বিমানবন্দৰসমূহৰ মাজত স্থান লাভ কৰিছে।

এই সাফল্য অসমৰ লগতে সমগ্ৰ ভাৰতৰ বাবেও এক গৌৰৱৰ বিষয়। চলিত বৰ্ষত ভাৰতৰ মাত্ৰ দুটা বিমানবন্দৰে এই সন্মানজনক তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ লগতে  মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰেও এই তালিকাত স্থান লাভ কৰিছে।

বিশেষকৈ গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটোৱে ইয়াৰ আধুনিক স্থাপত্য, নান্দনিক ডিজাইন আৰু যাত্ৰীবান্ধৱ সুবিধাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰিছে। এই নতুন টাৰ্মিনেলৰ অনন্য আৰ্হি আৰু সৌন্দৰ্যই বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত স্থান নিশ্চিত কৰিছে।

‘প্ৰী ভাৰ্চাইলছ’ হৈছে স্থাপত্য, ডিজাইন আৰু উদ্ভাৱনী আৰ্হিৰ ক্ষেত্ৰত প্ৰদান কৰা এক সন্মানজনক বাৰ্ষিক গোলকীয় বঁটা। বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰৰ উৎকৃষ্ট স্থাপত্য আৰু নক্সাক এই বঁটাৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হয়।

গুৱাহাটী বিমানবন্দৰৰ এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমক বিশ্বৰ আধুনিক বিমানবন্দৰ স্থাপত্যৰ মানচিত্ৰত নতুনকৈ পৰিচিত কৰোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ বৃদ্ধিতো ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.