AssamCrimeঅসমদৈনিক বাতৰিভাৰত

উদক ভেটা ৰখীয়া পতা… বিদ্যালয় নহয় যেন বজাৰহে!

অসমীয়াত এষাৰ কথা আছে, উদক ভেটা ৰখীয়া পতা। আজিৰ ঘটনাটো তেনেকুৱাই। বিদ্যালয়ৰ নহয় যেন বজাৰহে।

অসমীয়াত এষাৰ কথা আছে, উদক ভেটা ৰখীয়া পতা। আজিৰ ঘটনাটো তেনেকুৱাই। বিদ্যালয়ৰ নহয় যেন বজাৰহে। শুনিবলৈ আচৰিত যদিও শুনক, ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ ভাড়ালৈ আনে শিক্ষক। এই আজৱ কাণ্ড সংঘটিত কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছামচুল হকে। নিজে বিদ্যালয়ত উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকেৰে চলাইছে বিদ্যালয়। ভাড়াতীয়া শিক্ষকেও ছাত্ৰ ছাত্ৰীক পাঠদান নিদিয়াত বিপাঙত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকা।

মধ্যাহ্ন ভোজনৰ ধনো আত্মসাত প্ৰধান শিক্ষক ছামচুল হকৰ। এমাহ ধৰি ছাত্ৰ-ছাত্ৰীক দিয়া নাই মধ্যাহ্ন ভোজনৰ খাদ্য।
অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ ৰান্ধনীয়ে।

বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৮৩০ নং মৈৰাদিয়া শিশু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছামচুল হকৰ ওপৰত বিদ্যালয়ত অনিয়মীয়া উপস্থিতিৰ অভিযোগ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক ছামচুল হকে প্ৰায়ে বিদ্যালয়ত উপস্থিত নহয়। ৰাখে ভাড়াতীয়া শিক্ষক। যাৰ ফলত কণ কণ ছাত্ৰ ছাত্ৰী সকল পাঠদানৰ পৰা বঞ্চিত হ’ব লগা হৈছে। শিক্ষক জনৰ এনে কৰ্ম কাণ্ডত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল ক্ষোভিত হৈ পৰিছে। কেৱল ইমানেই নহয়… প্ৰধান শিক্ষকজনে কণ কণ ছাত্ৰ-ছাত্ৰীক এমাহ ধৰি দিয়া নাই মধ্যাহ্ন ভোজনৰ খাদ্য । মুঠতে চৰকাৰী নিৰ্দেশনালৈ কোনো ধৰণৰ গুৰুত্ব নাই প্ৰধান শিক্ষক ছামচুল হকৰ।

চেঙা শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে অতি শীঘ্ৰে প্ৰধান শিক্ষক ছামচুল হকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয়লোকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.