অসমদৈনিক বাতৰিভিডিঅ'
Trending

এটা কলডিলে জীৱন ল’লে বৃদ্ধৰ, লখিমপুৰত চাঞ্চল্য

এটা কলডিলৰ বাবেই জীৱন হেৰুৱালে এগৰাকী ৮৬ বছৰীয়া বৃদ্ধই

এটা কলডিলতকৈও যেন কম স্বয়ম্ভু জীৱশ্ৰেষ্ঠৰ জীৱনৰ মূল্য। এটা কলডিলতকৈও কম এগৰাকী বয়োজ্যেষ্ঠৰ মান-সন্মান! লখিমপুৰৰ এক ঘটনাই সেয়াই প্ৰমাণিত কৰিলে( Lakhimpur News)। যি ঘটনাত এটা কলডিলৰ বাবেই জীৱন হেৰুৱালে এগৰাকী ৮৬ বছৰীয়া বৃদ্ধই। লখিমপুৰৰ লেচাই চামনি গাঁৱত সংঘটিত হ’ল এই হৃদয়বিদাৰক, মানৱ সমাজক লজ্জানত কৰা ঘটনা (Man died for Banana flower)।

জানিবপৰা মতে লেচাই চামনি গাঁৱৰ ৮৬ বছৰীয়া লোকজনে চুবুৰীৰ এঘৰৰ বাৰীৰ কাষত থকা কলগছৰ পৰা এটা কলডিল কাটি আনে চাৰিদিন পূৰ্বে। নগেন গগৈ নামৰ লোকজনে কলডিলটো কাটি নিয়াৰ দৃশ্য দেখি ঘৰৰ গৰাকী গোবিন দত্তই চৰম অপমান কৰে। কলডিলটোৰ বাবেই বৃদ্ধজনক গাঁওবুঢ়াৰ ওচৰলৈ লৈ যায় গোবিন দত্তই। তদুপৰি আৰক্ষী থানাত গোচৰ তৰাৰো ভাবুকি দিয়ে নগেন গগৈৰ বিৰুদ্ধে।

উক্ত স্থানৰ পৰা লোকজন আঁতৰি গৈ ওচৰৰে নামঘৰত বহি থকা অৱস্থাত শুনিবলৈ পালে গাড়ীৰ শব্দ। সেই গাড়ীখন আৰক্ষীৰ বুলি ভাবি লাজে-অপমানে বিধ্বস্ত লোকজনে সন্মান বচোৱাৰ স্বাৰ্থত কাষৰে এখন নদীত জাপ দিয়ে৷ তাৰ পিছৰে পৰা শুংসূত্ৰ নাই লোকজনৰ। কিন্তু শনিবাৰে ৪ দিনৰ অন্তত নদীত উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ( Shocking Incident in Lakhimpur)।

এটা কলডিলৰ বাবেই এগৰাকী জ্যেষ্ঠ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.