অসমধৰ্মীয়

হিন্দু-মুছলমানৰ মিলন স্থল শিৱসাগৰ, ধৰ্মীয় ঐক্যতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰবাসীয়ে..

শিৱসাগৰ নগৰৰ সমীপৰ ঘিলাগুৰি অঞ্চলত ইছলাম ধৰ্মীয় লোকসকলে নতুনকৈ নিৰ্মাণ কৰি উলিয়ালে এটি আটক ধুনীয়া মছজিদ।শিৱসাগৰ নগৰৰ সমীপৰ ঘিলাগুৰি অঞ্চলত ইছলাম ধৰ্মীয় লোকসকলে নতুনকৈ নিৰ্মাণ কৰি উলিয়ালে এটি আটক ধুনীয়া মছজিদ।

ধৰ্মীয় ঐক্যতাৰ এক সুন্দৰ উদাহৰণ-ঐতিহাসিক শিৱসাগৰ। হিন্দু-মুছলমান সকলো লগ হৈ শিৱসাগৰত দাঙি ধৰিলে সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন।

শিৱসাগৰৰ একাংশ ৰাইজে মছজিদ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি দাঙি ধৰিলে সম্প্ৰীতিৰ এক সুন্দৰ উদাহৰণ। শিৱসাগৰ নগৰৰ সমীপৰ ঘিলাগুৰি অঞ্চলত ইছলাম ধৰ্মীয় লোকসকলে নতুনকৈ নিৰ্মাণ কৰি উলিয়ালে এটি আটক ধুনীয়া মছজিদ।

দেওবাৰে মছজিদ মুকলি অনুষ্ঠানত দেখা গ’ল এই অনন্য দৃশ্য। আজান ফকিৰ চাহাবৰ দ্বাৰা ৰচিত “হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত ভেদ-ভাৱ নাই” জিকিৰ যেন আকৌ এবাৰ প্ৰাণ পাই উঠিল শিৱসাগৰত। মছজিদ উদ্বোধন কাৰ্য্যসূচীত উপস্থিত থাকে নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়াৰ লগতে গাঁওবুঢ়া আৰু দল সংগঠনৰ বিভিন্ন বিষয়-ববীয়া।

যি সময়ত দেশৰ অন্য স্থানত ধৰ্মৰ নামত এক বিশৃংখল পৰিৱেশ দেখা যায়, ঠিক একে সময়তে শিৱসাগৰত দেখা পোৱা গ’ল ঐক্য সম্প্ৰীতিৰ এই জীয়া ছবি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button