অপৰাধঅসমঅসম আৰক্ষীভাৰত
Trending

শিৱসাগৰত পিতৃৰ হাতত শাৰীৰিক আৰু মানসিকভাবে নি/ৰ্যাতি/ত কন্যা

অতীষ্ঠ হৈ পিতৃৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত অভিযোগ দাখিল কৰে কন্যাই

শিৱসাগৰত এজন উচ্চপদস্থ কৰ্মচাৰীৰ বিৰুদ্ধে নিজৰ কন্যাক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন সৈছে । অভিযুক্ত ব্যক্তি হেমন্ত দাস, তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ এজন বিষয়া বুলি জানিব পৰা গৈছে।

অতীষ্ঠ হৈ পিতৃৰ বিৰুদ্ধে শিৱসাগৰত নিজ কন্যাই সদৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ আছে যে, হেমন্ত দাসে সৰুৰে পৰাই তেওঁ আৰু তেওঁৰ মাতৃক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে। লগতে, তেওঁ বিভিন্ন সময়ত নিজ কন্যাৰ ওপৰত অশ্লীল ইংগিত প্ৰদান কৰাৰো অভিযোগ উঠিছে।

কন্যাই অভিযোগ কৰিছে যে, হেমন্ত দাসৰ নাম পূৰ্বে এক হ/ত্যাকা/ণ্ডৰ গোচৰতো জড়িত আছিল। পৰিয়ালিক সন্ত্রাস আৰু লাঞ্চনাৰ অন্ত নোহোৱা পৰিস্থিতিত, কন্যাই অৱশেষত সাহস কৰি শিৱসাগৰ সদৰ থানাত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.