Socialঅসম

মানসিক অসুস্থতাৰ বাবেই আত্মহত্যা, ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যা শিক্ষয়িত্ৰীৰ…

উল্লেখ্য যে, পেছাত এগৰাকী শিক্ষয়িত্ৰী আছিল প্ৰিয়ংকা গগৈ৷ দীৰ্ঘদিন ধৰি মানসিক ভাৱে অসুস্থ হৈ আছিল শিক্ষয়িত্ৰী গৰাকী। মানসিক অসুস্থতাৰ বাবে দীৰ্ঘদিন দৰি চলি আছিল প্ৰিয়ংকা গগৈৰ চিকিৎসা ।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে বিশ্বনাথ। বিশ্বনাথ ঘাটৰ শ্মশান থলীত অঘটন। ব্ৰহ্মপু্ত্ৰত জঁপিয়াই মৃত্যুক সাৱটিলে প্ৰিয়ংকা গগৈ নামৰ এগৰাকী মহিলাই।

বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ নিত্যানন্দ গগৈৰ কনিষ্ঠ কন্যা আৰু চতিয়া গেৰেকীৰ নীলম গগৈ বৰুৱাৰ পত্নী প্ৰিয়ংকা গগৈ ৷  দেওবাৰে,  AS12 K 9939 নম্বৰৰ স্কুটি গাড়ী লৈ অহা প্ৰিয়ংকা গগৈয়ে বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ সন্মুখত স্কুটি ৰখাই ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিয়ে৷

উল্লেখ্য যে, পেছাত এগৰাকী শিক্ষয়িত্ৰী আছিল প্ৰিয়ংকা গগৈ৷ দীৰ্ঘদিন ধৰি মানসিক ভাৱে অসুস্থ হৈ আছিল শিক্ষয়িত্ৰী গৰাকী। মানসিক অসুস্থতাৰ বাবে দীৰ্ঘদিন দৰি চলি আছিল প্ৰিয়ংকা গগৈৰ চিকিৎসা ।

স্থানীয় ৰাইজৰ তৎপৰতাত, কেইজনমান মাছমৰীয়াই উদ্ধাৰ কৰে প্ৰিয়ংকা গগৈৰ নিথৰ মৃতদেহ । ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় এঘন্টা অনুসন্ধান চলোৱাৰ পিছতে উদ্ধাৰ কৰা হয় মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.