Socialঅসমআঞ্চলিক

কোনে অপহৰণ কৰিলে সহস্ৰজনৰ প্ৰেৰণাৰ উৎস সোণাৰীৰ প্ৰিন্সি গগৈক?

তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু তাৰপিছতে সলনি হ'ল কাহিনী। স্বামীগৃহত নহয়, গুৱাহাটীৰ ভাড়াঘৰত প্ৰিন্সি গগৈ। প্ৰিন্সিৰ অভিযোগ-'মোক অপহৰণ কৰি নিছিল পৰাগ দাসে'।

সহস্ৰজনৰ সাহসৰ প্ৰতীক প্ৰিন্সি। জীৱনক লৈ অসন্তুষ্ট হৈ জীৱন অতিবাহিত কৰিব নিবিচৰা সকলৰো প্ৰেৰণাৰ উৎস প্ৰিন্সি। জীৱনৰ সকলো বাধা-বিঘিনিক নেওচি আকাশত উৰাৰ সপোন দেখা প্ৰিন্সি অসমবাসীৰ বাবে কোনো অচিনাকী মুখ নহয়।
সোণাৰীৰ অত্যন্ত মেধাৱী, প্ৰতিভাসম্পন্ন প্ৰিন্সি গগৈৰ কথা আমি সকলোৱে জানো। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে প্ৰিন্সি গগৈৰ লগত জড়িত অন্য এক ঘটনা।

অপহৃত প্ৰিন্সি গগৈ। কৰ্মস্থলী নেমকেয়াৰৰ পৰাই প্ৰিন্সিক অপহৰণ কৰি নিলে হাস্পতালতে কৰ্মৰত এজন যুৱকে। নিচাসক্ত পানীয় খুৱাই অচেতন কৰি গহপুৰলৈ লৈ যোৱা হ’ল প্ৰিন্সিক। এই অভিযোগ প্ৰিন্সি গগৈৰ।

গহপুৰতে যুৱকজনৰ সৈতে বিবাহো সম্পন্ন হ’ল যুৱতীগৰাকীৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল ন-কইনা প্ৰিন্সি গগৈ আৰু স্বামীৰ ফটো। সকলোৱে আদৰি ল’লে প্ৰিন্সিৰ বিবাহ। পিতৃ-মাতৃৰ সমৰ্থনত বিবাহপাশত আৱদ্ধ হোৱাৰ কথাও ব্যক্ত কৰিলে প্ৰিন্সিয়ে। সুখী প্ৰিন্সি, সুখী তেওঁৰ স্বামী।

তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু তাৰপিছতে সলনি হ’ল কাহিনী। স্বামীগৃহত নহয়, গুৱাহাটীৰ ভাড়াঘৰত প্ৰিন্সি গগৈ। প্ৰিন্সিৰ অভিযোগ-‘মোক অপহৰণ কৰি নিছিল পৰাগ দাসে’।

অৱশ্যে, পৰাগ দাসৰ বিষয়ে জানিবলৈ আপোনালোকক অন্য এক কাহিনী ক’ব লাগিব। গহপুৰৰ ঘাহীগাঁৱৰ যুৱক পৰাগ দাস। গুৱাহাটীত Sound Engineering পঢ়ি আছিল পৰাগে। ৬ মাহ পূৰ্বেই ফেচবুকৰ জৰিয়তে সোণাৰীৰ প্ৰিন্সিৰ সৈতে চিনাকি হৈছিল গহপুৰৰ পৰাগ। ফেচবুকতে প্ৰেমৰ এক সু-সম্পৰ্ক চলি আছিল দুয়োৰে মাজত ৷ দুয়োৰে মাজত গভীৰ ভাৱে চলিছিল কথা-বতৰা। অৱশেষত সিদ্ধান্ত লৈছিল দুয়োৱে-চিৰজীৱন একেলগে থকাৰ।

কিন্তু হঠাৎ সলনি হ’ল প্ৰিন্সিৰ মন। দুদিন আগলৈকে স্বামীৰ সৈতে সুখত থকা যুৱতীগৰাকীয়ে পৰাগ দাসৰ বিৰুদ্ধে অভিযোগ তোলাত এতিয়া অবাক হৈ পৰিছে সকলো। পিছে, এই ঘটনা অপহৰণ নহয় বুলি দাবী পৰাগ দাসৰ। দুয়োজনৰ ইচ্ছা অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল প্ৰিন্সি-পৰাগ। আনকি পৰিয়ালৰ লোকেও এয়া অপহৰণ নহয় বুলি দাবী কৰিছে।

অৱশ্যে, প্ৰিন্সি গগৈৰ অপহৰণৰ আঁৰত আচলতে কি ৰহস্য লুকাই আছে, সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 11 =

Back to top button