Socialঅসমআঞ্চলিকদৈনিক বাতৰি

শিলচৰত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা, কিহত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী?

মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পটোৰ বাবে অসম চৰকাৰে ৫০ লাখ টকা আবণ্টন দিয়াৰ কথাও উল্লেখ কৰে

শিলচৰৰ ৰেডক্ৰছ ছ’চাইটীৰ এক মাল্টী ইউটিলিটী ভৱনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে ভৱনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আধাৰশিলা স্থাপনৰ অন্তত ছ’চাইটীৰ অংশীদাৰ আৰু অন্যান্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পটোৰ বাবে অসম চৰকাৰে ৫০ লাখ টকা আবণ্টন দিয়াৰ কথাও উল্লেখ কৰে।

মাল্টী ইউটিলিটী ভৱনৰ বাবে অতিৰিক্ত ৫০ লাখ টকা প্ৰদানৰো মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু পল্লৱ লোচন দাস।

শিলচৰৰ ৰংপুৰ জিৰ’ পইন্টত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মূৰ্তিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত ওংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.