অসমছিংগাপুৰশিল্পীসংগীতসংস্কৃতি

আজি জীৱনসংগী হীনতাত গৰিমা শইকীয়া গাৰ্গ

এখন উকা হৃদয়, এটি উকা মন লৈ কেনেকৈনো উদযাপন কৰে নিজৰ জন্মদিন

আজি জুবিনহীনতাত অসম, জুবিনহীনতাত প্ৰতিজন অনুৰাগী। প্ৰাণৰ মানুহজন নোহোৱা হোৱা এমাহ পাৰ হৈ গʼল, তথাপিতো সকলোৰে বাবে যেন জুবিন গাৰ্গ নোহোৱা হোৱাটো এক অবাস্তৱ কথা। তেওঁ নোহোৱা হোৱাৰ দিনৰে পৰা অসমখন যেন মৰিশালী সদৃশ হৈ পৰিল। অনুৰাগীয়ে পাৰ কৰিছে কত উজাগৰি নিশা, কাৰোবাৰ পেটলৈ যোৱা নাই এগৰাহ ভাত।
কিন্তু তাতোকৈ উৰ্দ্ধত আজি জীৱনসংগী হীনতাত গৰিমা শইকীয়া গাৰ্গ। আজি গৰিমা শইকীয়া গাৰ্গৰ ওপজা দিন। সকলোৱে আশাৰে বাট চাই থাকে‌ নিজৰ বিশেষ দিনটো বিশেষভাবে উদযাপনৰ বাবে।‌ গৰিমাও চাগে অধিৰ আগ্ৰহেৰে ৰৈ আছিল মনৰ মানুহজনৰ সৈতে নিজৰ ওপজা দিনটো একেলগে উদযাপন কৰিবলৈ। কিন্তু বিধিয়ে তেওঁৰ কপালত নিলিখিলে সেই সুখ। সুদুৰ ছিংগাপুৰৰ পৰা মানুহজন নোহোৱা হোৱাৰ সেই মৰ্মান্তিক খবৰটিয়ে কাঢ়ি নিলে গৰিমাৰ সকলো, আৰু আজি গৰিমাৰ নিজৰ বুলিবলৈ যেন একোৱেই নাথাকিল। এখন উকা হৃদয়, এটি উকা মন লৈ কেনেকৈনো উদযাপন কৰে নিজৰ জন্মদিন।
প্ৰেমৰ এই জীৱন, হেঁপাহৰ এই সংসাৰ… দুটি মন কিন্তু এটিয়েই প্ৰাণ। গৰিমা অবিহনে জুবিন আধৰুৱা, জুবিন অবিহনে গৰিমা আজি অকলশৰীয়া। বিশেষ বুলি তেওঁৰ জীৱনত একোৱেই নাথাকিল, তথাপিও আজিৰ দিনটোকেও বিশেষ হিচাপে উদযাপন কৰি আহিছিল গৰিমাই। নিজৰ ওপজা দিনটোত মনৰ মানুহজনৰ বুকুত ক্ষন্তেক জিৰাইছিল গৰিমাই। কিন্তু ২১ অক্টোবৰৰ দিনটো ইমান বিষদভৰা হʼব বুলি চাগে গৰিমাই কাহানিও কল্পনাই কৰা নাছিল। জুবিন গাৰ্গৰ সোঁৱৰণীৰ বাহিৰে আজি গৰিমাৰ লগত একোৱেই নাথাকিল।
গৰিমা শইকীয়া গাৰ্গৰ এনে বহু জন্মদিন পাৰ হৈ গৈছে, কিন্তু কেতিয়াও তেঁওৰ জন্মদিনে বাতৰিৰ শিৰোনাম দখল কৰা নাছিল। কিন্তু আজি তাৰ ওলোটা প্ৰতিচ্ছবি। কেতিয়াবা যদি মাক হৈ গʼল্ডিক নিজৰ আঁচলত বান্ধি ৰাখিছিল, কেতিয়াবা এজন প্ৰকৃত বন্ধু হিচাপে জীৱন যাত্ৰাত সাহস হিচাপে ঠিয় দিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসে ঠান বান কৰি ভাঙি পেলালে সকলো। প্ৰেমৰ সেই মজবুত শিকলিৰ বান্ধোন চিঙি গʼল অজানিতে।‌ গৰিমাৰ বাবে একো বিশেষ হৈ নাথাকিল, কাৰণ মনৰ মানুহজনেই চিৰদিনৰ বাবে নোহোৱা হৈ পৰিল।

আজিৰ দিনটোত মানুহ গৰাকীক শুভেচ্ছা জনোৱা মানুহৰ অভাৱ নাই। সামাজিক মাধ্যমত কোনোৱে লিখিছে, “Happy Birthday Bow, আপুনি ভালে থাকক”, আন কোনোৱে নিজে সাক্ষাৎ কৰি হʼলেও জনাইছে শুভেচ্ছা। কিন্তু এবাৰ পাৰে যদি মানুহ‌গৰাকীৰ মনটো বুজিব। অসমবাসীয়ে এটি সম্পদ হেৰুৱালে, এজন শিল্পী হেৰুৱালে, কিন্তু গৰিমা… গৰিমাই নিজৰ বুলি কʼবলৈ থকা মানুহজনেই হেৰুৱাই পেলালে। ভিতৰি দুখৰ সাগৰে চুনামীৰ সৃষ্টি কৰি থাকিলেও তেওঁ আমাৰ সাহস হৈ ঠিয় দি আছে। কাৰণ গৰিমাই কান্দিলে আজি অসমে কান্দিব, গৰিমাই হাঁহিলে অনুৰাগীয়ে জীয়াই থকাৰ সাহস পাব। মানুহগৰাকীক আমি আমাৰ মাজতে সযতনে ৰাখিব লাগিব।
ওপজা দিনৰ শুভেচ্ছাৰে…
ভালে থাকক গৰিমা বৌ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 19 =

Back to top button