leatest updateঅসমদৈনিক বাতৰিসংস্কৃতি
অম্বুবাচী মেলাক লৈ নীলাচল ধামত প্ৰস্তুতি তুংগত।
লাখ লাখ সাধু-সন্ন্যাসীক আদৰিবলৈ সাজু নীলাচলবাসী।

অম্বুবাচী মেলাক লৈ নীলাচল ধামত প্ৰস্তুতি তুংগত। ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা। ২২ জুনৰ নিশা ২.৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি। ২২জুনৰ পৰা ২৫ জুনলৈ ৪ দিন বন্ধ থাকিব কামাখ্যা ধামৰ দূৱাৰ। ২৬ জুনত হ’ব অম্বুবাচীৰ নিবৃত্তি। লাখ লাখ সাধু-সন্ন্যাসীক আদৰিবলৈ সাজু নীলাচলবাসী।
অম্বুবাচী মেলাক লৈ সাজু মহানগৰ প্ৰশাসন। কেৱল পাণ্ডুতহে থাকিব ভক্তৰ বাবে ২টাকৈ শিবিৰ। ভৰলুমুখ, ফাঁচিবজাৰ, কামাখ্যা ষ্টেচনত নাথাকে কোনো শিবিৰ। নাহৰবাৰী, নীলাচলত আৰক্ষী, অন্য কৰ্মচাৰীৰ বাবে বিশেষ কেম্প। নাৰ্চাৰীৰ পৰা কামাখ্যালৈ যোৱাৰ পথত থাকিব খোৱাপানীৰ ব্যৱস্থা। ভক্তৰ সুবিধাৰ বাবে সমগ্ৰ পথত পাৰি দিয়া হ’ব কাৰ্পেট। নিশা ৯ বজাৰ পিছত ভক্তৰ প্ৰৱেশত থাকিব বাধা।