দুৰ্ঘটনাদৈনিক বাতৰিপৰিৱেশ

ঝাৰখণ্ডত শোকাৱহ ঘটনা! কৰম পূজাৰ নিয়ম কৰি থাকোতে সলিল সমাধি সাতজনী ছোৱালীৰ…

নিচেই কম বয়সতে মৃত্যুক সাৱটি লোৱা ছোৱালীকেইজনীৰ বয়স ১০ বছৰৰ পৰা ২০ বছৰৰ ভিতৰত আছিল

ঝাৰখণ্ডত সংঘটিত হৈছে শোকাৱহ ঘটনা। কৰম পূজাৰ নিয়ম পালন কৰিবলৈ গৈ মৃত্যুক সাৱটিলে কিশোৰীয়ে। ঝাৰখণ্ডৰ লাতেহাৰ জিলাত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে, কৰম পূজাৰ নিয়ম কৰি থাকোতে পুখুৰীৰ পানীত ডুব যায় সাতজনী ছোৱালী।

ঘটনাসন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, বালুমথ আৰক্ষী থানাৰ অন্তৰ্গত শ্বেৰেগড়া গাঁৱৰ ১০ গৰাকী ছোৱালী কৰম দালি বিসৰ্জনৰ বাবে গৈছিল।

নিচেই কম বয়সতে মৃত্যুক সাৱটি লোৱা ছোৱালীকেইজনীৰ বয়স ১০ বছৰৰ পৰা ২০ বছৰৰ ভিতৰত আছিল। মৃতকসকলৰ ভিতৰত ৩ গৰাকী আছিল ভগ্নী। মননদিহ টোলা নিবাসী আকলু গঞ্জুৰ কন্যা আছিল ৰেখা কুমাৰী(১৮), লক্ষ্মী কুমাৰী(১২) আৰু ৰীণা কুমাৰী(১৬)। নিহতসকলৰ আনকেইগৰাকী হৈছে মীনা কুমাৰী(৮), পিংকী কুমাৰী(১৮), সুষমা কুমাৰী(১২), সুনীতা কুমাৰী(২০)।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত চ’ৰেনে দুখ প্ৰকাশ কৰিছে। কৰম পূজাৰ দৰে পবিত্ৰ নিয়ম কৰি থাকোতে ঘটা এই ঘটনাই স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে ঝাৰখণ্ডত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.