Government Schemeঅসম

ৰাজ্যৰ অংগনৱাড়ী, প্ৰাথমিক বিদ্যালয়লৈ অসম চৰকাৰৰ বিশেষ ঘোষণা…

ৰাজ্যৰ ৪৮২৩১ অংগনৱাড়ী, ১৩১২০খন প্ৰাথমিক বিদ্যালয়ত বিজুলী সংযোগৰ ব্যৱস্থা কৰা হৈছে।

মঙলবাৰে অনুষ্ঠিত হয় অসম বিধানসভাৰ কেবিনেট বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে।

অংগনৱাড়ী, প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে বিশেষ ঘোষণা অসম চৰকাৰৰ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সম্বোধন কৰা বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বিদ্যালয়, বাসগৃহত বিজুলী সংযোগৰ বাবে ইতিমধ্যে ধাৰ্য কৰা হৈছে কেইবা কোটি টকা।

গাঁও অঞ্চলৰ যিসকল লোকৰ ঘৰত বিজুলী সংযোগ নাই, তেওঁলোকৰ বাবে অসম চৰকাৰে ধাৰ্য কৰিছে ১৭১৮ কোটি টকা। ৪,৮০,২৪৯টা গৃহত নতুনকৈ বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যৰ ৪৮২৩১ অংগনৱাড়ী, ১৩১২০খন প্ৰাথমিক বিদ্যালয়ত বিজুলী সংযোগৰ ব্যৱস্থা কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি বিজুলী সংযোগৰ লগতে থানা নিৰ্মাণ কৰিবলৈও ১২০ কোটি টকা ধার্য কৰিছে অসম চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + one =

Back to top button