ধৰ্মীয়ধাৰ্মিকভাৰতৰাজনৈতিক
Trending

কাৰ পকেটত ৰাম মন্দিৰত ভক্তই দিয়া কোটি কোটি টকা?

প্ৰায় ৭ কোটি টকা নাইকিয়া হ'ল ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা। গঠন কৰা হৈছে SIT. ভয়ংকৰ অভিযোগ প্ৰাক্তন বিজেপি সাংসদ তথা বজৰং দলৰ প্ৰতিষ্ঠাপক বিনয় কাটিয়াৰৰ।

অযোধ্যাৰ মন্দিৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নতুন বিতৰ্কই আলোড়ন সৃষ্টি কৰিছে সমগ্ৰ দেশত । ভক্তসকলে আগবঢ়োৱা কোটি কোটি টকাৰ দানৰ একাংশ আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ তদন্তৰ বাবে ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰিছে বিশেষ তদন্তকাৰী দল ।

এই অভিযোগৰ আৰম্ভণি:
মন্দিৰৰ হিচাপ-নিকাচৰ সৈতে জড়িত থকা বুলি দাবী কৰা প্ৰাক্তন কৰ্মচাৰী মহিপাল সিঙে অভিযোগ তোলে যে মন্দিৰটো দানপাত্ৰৰ পৰা প্ৰায় ৭ কোটি টকা নাইকিয়া হৈছে(Scam at Ram Mandir)। প্ৰাক্তন কৰ্মচাৰীজন অভিযোগ অনুসৰি এই ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছিল । তেওঁ দাবী কৰে যে বিষয়টো ৰাম মন্দিৰ ন্যাসৰ উচ্চপদস্থ বিষয়াসকলক অৱগত কৰোৱাৰ পিছতেই তেওঁক দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছিল।

ৰাম মন্দিৰ ন্যাসৰ প্ৰতিক্ৰিয়াঃ
ন্যাসে অস্বীকাৰ কৰিছে সকলো অভিযোগ । ৰাম মন্দিৰ ন্যাস(Ram Mandir Trust)ৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয় যে নিয়মিত হিচাপ কৰা হয় আৰু এইপৰ্যন্ত কোনোধৰণৰ বিত্তীয় খেলিমেলি ধৰা পৰা নাই।

প্ৰাক্তন সাংসদ বিনয় কাটিয়াৰৰ প্ৰতিক্ৰিয়াঃ
ৰাম মন্দিৰ আন্দোলনৰ অন্যতম নেতা তথা প্ৰাক্তন বিজেপি সাংসদ বিনয় কাটিয়াৰে বিষয়টোৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰাক্তন সাংসদগৰাকীয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি।
প্ৰাক্তন সাংসদগৰাকীৰ মতে ৰাম মন্দিৰৰ সৈতে কোটি কোটি ভক্তৰ আস্থা জড়িত হৈ আছে । গতিকে এনে অভিযোগৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্ত হ’ব লাগে। বিনয় কাটিয়াৰৰ মতে এতিয়া তাত থকা সকলো লোক চোৰ। এওঁলোক হয় পলাই যাব লাগিব, অন্যথা জে’ললৈ যাব লাগিব। বজৰং দলৰ প্ৰতিষ্ঠাপকগৰাকীয়ে লগতে কয় যে ৰাম মন্দিৰৰ বাবে বহু লোকে জে’ললৈ গৈছে , প্ৰাণ আহুতি দিছে। গতিকে এই অভিযোগ উচিত তদন্ত হ’ব লাগে।

SIT তদন্ত কিয় গঠন কৰা হ’ল?

বিতৰ্ক বৃদ্ধি পোৱাৰ পিছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত তিনিজনীয়া SIT গঠন কৰা হৈছে(SIT for Ram Mandir allegation)। তদন্তকাৰী দলটোৱে অভিযোগসমূহৰ সত্যতা, দান সংগ্ৰহ আৰু গণনাৰ পদ্ধতিৰ লগতে সম্ভাব্য অনিয়ম সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.