
বিহাৰৰ বুকুৰ পৰা এটি সপোনৰ যাত্ৰা
পৰ্দাত উজ্বলিছিল তেওঁ, যেন এটি উজ্জ্বল তৰা।
প্ৰতিভাৰ স্বাক্ষৰ দি তেওঁ জয় কৰিছিল দৰ্শকৰ হিয়া
যায় নাছিল কোনো সপোনৰ পৰিধি
আকাশৰ সিপাৰৰ পৃথিৱীখন চোৱাৰ তেওঁৰ দুৰ্ব্বাৰ আসক্তি
‘কাই পো চে’ৰে আৰম্ভণি…
‘এম এছ ধোনী’ত নিখুঁত অভিনয়..
মহাকাশৰ তৰা গণিব বিচৰা এক অনুসন্ধিৎসু মন সুশান্ত সিং ৰাজপুত
তেওঁ কেৱল অভিনেতা নহয়, তেওঁ আছিল বিজ্ঞানৰ পৰাগ
তৰাৰ সৈতে কথা পতা, এক জটিল অথচ সৰল চৰিত্ৰ সুশান্ত সিং ৰাজপুত
২০২০ চন, অভিশপ্ত ১৪ জুন,
হঠাত স্তব্ধ হৈ পৰিল এটি হাঁহি…!
এটা খবৰ আহিল,
সেই খবৰে সপোনবোৰ চিৰদিনৰ বাবে ভাঙিল।
কোনেনো জানিছিল.. এটা হাঁহিৰ আঁৰত যে ইমান অদৃশ্য ধুমুহা লুকাই আছিল!
১৪ জুনৰ সেই দিনটোৱে বিশ্বাসক দিছিল মোক্ষম আঘাট।
যাৰ বাবে দুচকুৱে সপোন দেখিছিল দিগন্ত অতিক্ৰম কৰাৰ
সেই চকুত কেৱল শূন্যতা, বুকুৰ মাজত আজিও অলেখ প্ৰশ্নৰ হাহাকাৰ।
সুশান্ত সিং ৰাজপুত বিহীন ৬ টা বছৰ….
সেইদিন আকাশৰ পৰা এটি তৰা সৰি পৰা নাছিল, গোটেই আকাশখনেই যেন খহি পৰিছিল এবুকু বেদনা হৈ।
তেওঁ গুচি গʼল অকস্মাতে
দি গʼল এক অকাল সমাপ্তিৰ প্ৰশ্নবোধক।