Internationalআমেৰিকাবিশ্ব
Trending

দেওবাৰেই আমেৰিকা-ইৰাণ শান্তিচুক্তি! মুকলি হ’ব পাৰে হৰমুজ প্ৰণালী

ড'নাল্ড ট্ৰাম্পৰ মতে সম্ভাব্য চুক্তিখনৰ জৰিয়তে ইৰাণক কেতবোৰ পাৰমাণৱিক সম্পৰ্কীয় প্ৰতিশ্ৰুতি মানি চলিবলৈ আহ্বান জনোৱা হ'ব। ইয়াৰ বিপৰীতে সমগ্ৰ অঞ্চলটোত চলি থকা উত্তেজনা হ্ৰাসৰ বাবে আমেৰিকায়ো কেতবোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা আছে।

বিশ্বৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ’ব পাৰে ১৪ জুন, দেওবাৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকা আৰু ইৰাণৰ মাজত এই দেওবাৰতে স্বাক্ষৰিত হ’ব পাৰে এক ঐতিহাসিক শান্তিচুক্তি (Donald Trump Iran Peace Deal)। যদি এই চুক্তি বাস্তৱায়িত হয়, তেন্তে ই কেৱল নিৰ্দিষ্ট দেশ দুখনৰ সম্পৰ্কৰ ক্ষেত্ৰতেই নহয়, সমগ্ৰ মধ্যপ্ৰাচ্য আৰু বিশ্ব অৰ্থনীতিতো পেলাব গভীৰ প্ৰভাৱ।

ড’নাল্ড ট্ৰাম্পৰ মতে সম্ভাব্য চুক্তিখনৰ জৰিয়তে ইৰাণক কেতবোৰ পাৰমাণৱিক সম্পৰ্কীয় প্ৰতিশ্ৰুতি মানি চলিবলৈ আহ্বান জনোৱা হ’ব। ইয়াৰ বিপৰীতে সমগ্ৰ অঞ্চলটোত চলি থকা উত্তেজনা হ্ৰাসৰ বাবে আমেৰিকায়ো কেতবোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা আছে। ট্ৰাম্পে লগতে কয় যে চুক্তিখন স্বাক্ষৰিত হ’লে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ হৰমুজ প্ৰণালী(Strait of Hormuz) পুনৰ স্বাভাৱিক হৈ পৰিব(US Iran Peace Agreement)।

উল্লেখ্য যে হৰমুজ প্ৰণালী বিশ্ব তৈল বাণিজ্যৰ অন্যতম মুখ্য পথ। বিশ্বৰ এক বৃহৎ অংশৰ খাৰুৱা তেল এই পথেৰেই ৰপ্তানি হয়। উক্ত অঞ্চলটোত সৃষ্টি হোৱা যিকোনো সংঘাত অথবা অস্থিৰতাই বিশ্বৰ তৈল বজাৰ(Global Oil Market)ত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশেষজ্ঞসকলৰ মতে, সম্ভাৱ্য শান্তিচুক্তিয়ে খাৰুৱা তেলৰ মূল্য স্থিৰ ৰখাত সহায় কৰিব পাৰে আৰু বিশ্ব অৰ্থনীতিক কিছু সকাহ দিব পাৰে।

অৱশ্যে ইৰাণে এতিয়াও ট্ৰাম্পৰ এই দাবীক আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ে জনাইছে যে আলোচনা ইতিবাচক দিশে আগবাঢ়িছে যদিও কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও ঐকমত্যত উপনীত হোৱা নাই। ফলত দেওবাৰেই চূড়ান্ত চুক্তি স্বাক্ষৰিত হ’বনে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলৰ মতে যদি এই চুক্তি সফল হয়, তেন্তে মধ্যপ্ৰাচ্যত নতুন কূটনৈতিক সমীকৰণ গঢ় লৈ উঠিব পাৰে (Middle East News)। ইয়াৰ ফলত আঞ্চলিক সংঘাত হ্ৰাস পোৱাৰ লগতে বিশ্ব বাণিজ্য, শক্তি নিৰাপত্তা আৰু বিনিয়োগৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱেশৰ সূচনা হোৱাৰ সম্ভাৱনা আছে(Hormuz Strait News)।
সম্প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি দেওবাৰৰ সম্ভাৱ্য চুক্তি স্বাক্ষৰৰ ওপৰত নিবদ্ধ। ট্ৰাম্পৰ এই দাবী কিমানদূৰ বাস্তৱত পৰিণত হয় সেয়া হ’ব লক্ষ্যণীয়, যি আগন্তুক দিনত বিশ্বৰ ৰাজনীতিৰ নতুন দিশ নিৰ্ধাৰণ কৰিব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.